Ramen Dutta elected as President of Assam Cricket Association's election

01:06 PM Jan 12, 2019 | জি প্লাছ নিউজডেস্ক

গুৱাহাটী - অৱশেষত অসম ক্ৰিকেট সন্থাই লাভ কৰিলে স্থায়ী সভাপতি। বহুপ্ৰতীক্ষিত অসম ক্ৰিকেট সন্থাৰ নিৰ্বাচনৰ পিছত অসম ক্ৰিকেট সন্থাই ৰমেন দত্তৰ ৰূপত লাভ কৰিলে পূৰ্ণকালীন স্থানীয় সভাপতি।

২১টা ভোট লাভ কৰি সভাপতি ৰূপে নিৰ্বাচিত হৈছে ৰমেন দত্ত। অসম ক্ৰিকেট সন্থাৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাস্ত হৈছে বৰ্তমানৰ সাধাৰণ সম্পাদক প্ৰদীপ বুঢ়াগোহাঁই। মাত্ৰ ৯টা ভোট লাভ কৰে প্ৰদীপ বুঢ়াগোহাঁয়ে।

ইফালে ২৪টা ভোট লাভ কৰি উপ–সভাপতি হিচাপে নিৰ্বাচিত হৈছে পৰীক্ষিত দত্ত। উপ–সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰীতম কোঁৱৰে লাভ কৰে ৬ টা ভোট। আনফালে কোষাধ্যক্ষ ৰূপে নিৰ্বাচিত হৈছে ত্ৰিদীৱ কোঁৱৰ। ত্ৰিদীৱ কোঁৱৰে ১৯টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰতিদ্বন্দ্বী প্ৰকাশ ডেকাই লাভ কৰে ১১টা ভোট।

আনফালে সাধাৰণ সম্পাদক ৰূপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে দেৱজিত শইকীয়া। যুটীয়া সম্পাদক ৰূপে নিৰ্বাচিত হৈছে কামাখ্যা শইকীয়া, এপেক্স কাউন্সিলৰ সদস্য ৰূপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে চাইবল সেনগুপ্তা।