Protestors protests in Moran railway 

09:12 AM Dec 09, 2019 | G Plus News

৯ ডিচেম্বৰ, গুৱাহাটী : কেবৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যত প্ৰতিবাদৰ জুই। আজি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই আহ্বান কৰা বন্ধৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰলক্ষিত হৈছে। প্ৰতিবাদকাৰীয়ে মৰাণৰ বিভিন্ন ঠাইত ৰে’ল পথ অৱৰোধ কৰি উজনি- নামনি সংযোগী ৰে’লসমূহ বন্ধ কৰি দিয়ে । 

ফলত দূৰণিবটীয়া যাত্ৰীসমূহ আৱদ্ধ হৈ পৰে। আনহাতে কালি জিতেন দত্তই কেব সম্পৰ্কত কয়- “ ‘অসমৰ কয়লা–তেল শ্ৰীৰামপুৰ গেট পাৰ হ’বলৈ কোনো কাৰণতে দিব নালাগিব। অসমীয়াই একেলগে ৰে’ল পথ অৱৰোধ কৰিব লাগিব।’ 

ইয়াৰ পাছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰ পৰা প্ৰতিবাদকাৰীয়ে ৰে’ল পথ অৱৰোধ কাৰ্যসূচী হাতত লৈছে।