Protest against CAB, cottonians started boycott classes for indefinite time

08:24 AM Jan 09, 2019 | জি প্লাছ নিউজডেস্ক

গুৱাহাটী - নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি সমগ্ৰ অসমকেই এক অগ্নিগৰ্ভা পৰিস্থিতিৰ দিশে ঠেলি দিয়াৰ সন্ধিক্ষণতেই পুনৰ অসম আন্দোলনৰ সময়ৰ জাতীয়তাবাদী চেতনা ওভতাই আনিছে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ে। কালিয়েই ঘোষণা কৰা মৰ্মে ছাত্ৰ সমাজে এই বিধেয়কৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জনৰ কাৰ্য্যসূচী লৈছে। আজিৰে পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে আৰম্ভ কৰিছে আমৰণ অনশন কাৰ্যসূচী। বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত এই আমৰণ অনশন কার্যসূচী অনুষ্ঠিত কৰিছে ছাত্ৰ-ছাত্ৰীসকলে।

ইফালে কটন বিশ্ববিদ্যালয়ৰ এই অনশনৰ প্ৰতি সমৰ্থন জনাই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে গুৱাহাটী কলেজ, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, আঞ্চলিক নাৰ্ছিং মহাবিদ্যালয়, নাৰেংগী কলেজৰ ছাত্ৰ-ছাত্ৰীয়েও।

স্মৰ্তব্য যে, অসম আন্দোলনৰ সময়ত কটন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মঁজিয়াৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আৰম্ভ হৈছিল ৰণযাত্ৰা। তেতিয়াও শ্ৰেণী বৰ্জন কৰি আন্দোলনত নামি পৰিছিল ছাত্ৰসমাজ। পুনৰ ঘুৰি আহিছে নেকি অসম আন্দোলনৰ সেই অগ্নিগৰ্ভা পৰিস্থিতি! সময় সকলো ক’ব।