+

Picnic spot opens at Deepor Bil

গুৱাহাটী -  গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা দীপৰ বিলৰ পাৰত  প্ৰতিবছৰে নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহ পৰ্যন্ত বনভোজ খাবলৈ বহু লোকৰ সমাগম হয়। কিন্তু বনভোজ খাবলৈ অহা সকলোকে যাতে পৰিবেশ অক্ষুন্ন ৰাখি দীপৰ বিলৰ নয়নাভিৰাম সৌন্দৰ্য অক্ষুন্ন ৰাখি স্বচ্চ পৰিবেশত বনভোজ খাই শৃংখলাবদ্ধভাৱে উভতি যাব পাৰে তাৰ বাবে দীপৰ বিলৰ কাষৰীয়া দেউচোতাল নৱজ্যোতি সংঘই বিগত বছৰৰ দৰে এইবেলিও ঐতিহাসিক শ্ৰীশ্ৰীভাঙৰা গোপাল গোসাই থানৰ সমীপত দীপৰ বিলৰ পাৰত শুক্ৰবাৰে বনভোজস্থলী এটা মুকলি কৰে।

অঞ্চলটোৰ বহু সংখ্যক লোকৰ উপস্থিতিত বনভোজস্থলীটো মুকলি কৰে দেওচোতাল গাওঁৰ গাওঁবুঢ়া নন্দৰাম চাংদেৱে। এই উপলক্ষে দেউচোতাল নৱজ্যোতি সংঘৰ সভাপতি বলেশ্বৰ ৰংপিয়ে আঁতধৰা চমু অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী কেষ্টৰাম ৰংপি, ৰংমন ট্যুৰিজিম চ'ছাইটিৰ কৰ্মকৰ্তা পৱন কলিতাকে ধৰি নৱজ্যোতি সংঘৰ কেইবাগৰাকী কৰ্মকৰ্তা উপস্থিত থাকে।

উল্লেখ্য যে, পুৱা ৬ বজাৰ পৰা  বিয়লি ৫ বজালৈ মুকলি থাকিবলগীয়া বনভোজস্থলীত চাফ-চিকুন আৰু খোৱা পানী আৰু পাৰ্কিংৰ বাবে নৱজ্যোতি সংঘই দুশ টকা, চাৰিচকীয়া বাহনৰ বাবে এশ টকা, তিনিচকীয়া বাহনৰ বাবে পঞ্চাশ টকা আৰু দুচকীয়া বাহনৰ বাবে বিশ টকা মাচুল নিৰ্দ্ধাৰণ কৰিছে।

{{PRx6ntEp8c4ucb9q4yvj}}

ইয়াৰ উপৰিও জিলা প্ৰশাসন, আৰক্ষী আৰু বনবিভাগৰ তৰফৰ পৰা দিয়া নীতি নিৰ্দেশনা সমূহ সকলোৱে যাতে মানি চলে তাৰ বাবে দেওচোতাল নৱজ্যোতি সংঘই বনভোজ দলসকলক আহ্বান জনাইছে।

facebook twitter