Panchayat Poll - BJP dominates in Dibrugarh

08:37 AM Dec 12, 2018 | জিপ্লাছ নিউজডেস্ক

১২ ডিচেম্বৰ, গুৱাহাটী - দেশৰ চাৰিখন ৰাজ্যত সুফল দেখুৱাব নোৱাৰিলেও অসম পঞ্চায়ত নিৰ্বাচনত অভূতপূৰ্ব সাফল্য দেখুৱাইছে বিজেপিয়ে। এই পৰ্যন্ত কেবাটাও কেন্দ্ৰৰ ভোটগণনা সম্পন্ন হৈছে। ডিব্ৰুগড়ত ব্যাপক সাফল্য অৰ্জন কৰিছে বিজেপিয়ে।

ডিব্ৰুগড়ৰ ১৪টা ৱাৰ্ড সদস্য পদৰ ফলাফল ঘোষণা কৰা হৈছে। ইয়াৰে ৮টা পদত বিজেপি প্ৰাৰ্থী আৰু ৩ টা পদত অগপ আৰু ৩ টা পদত জয়লাভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থীয়ে।

ডিব্ৰুগড়ৰ খোৱং গাঁও পঞ্চায়তৰ ১০টা ৱাৰ্ডত জয়লাভ কৰিছে বিজেপিয়ে। তাৰ পৰিৱৰ্তে এটা পদত জয়লাভ কৰিছে অগপ প্ৰাৰ্থীয়ে। লাহোৱাল গাঁও পঞ্চায়তৰ ১০টা ৱাৰ্ডতে জয়লাভ কৰিছে বিজেপিৰ। আনহাতে, কছাৰী পথাৰ পঞ্চায়তৰ ১০টা ৱাৰ্ডত জয়ী হৈছে বিজেপি প্ৰাৰ্থী। খনিকৰ গাঁও পঞ্চায়তৰ স্থিতি কংগ্ৰেছলৈ ঢাল খাইছে। ইয়াত কংগ্ৰেছে ৭টা ৱাৰ্ডত, ২ টাত বিজেপি আৰু ১ টাত কংগ্ৰেছ-বিজেপিয়ে পাইছে সমান ভোট। বগীবিল পঞ্চায়তৰো ৯টা ৱাৰ্ড দখল কৰিছে বিজেপিয়ে। ১টা ৱাৰ্ড দখল কৰিছে কংগ্ৰেছে।

{{bjhAbJRfbTy1zyy7Fafm}}

লেঙেৰী গাঁও পঞ্চায়তৰ ৬টা ৱাৰ্ডত বিজেপি আৰু চাৰিটাত কংগ্ৰেছ প্ৰাৰ্থী বিজয়ী। টেঙাখাত গাঁও পঞ্চায়তৰ ৫টা ৱাৰ্ডত বিজেপি, চাৰিটাত কংগ্ৰেছ আৰু এটাত অগপ প্ৰাৰ্থীৰ জয়লাভ। কলাখোৱা পঞ্চায়তত বৰ্তমানলৈ দুটা ৱাৰ্ড দখল কৰিছে বিজেপিয়ে।