Panchayat Poll - AGP gets '0' in Majuli, BJP dominates again

10:16 AM Dec 12, 2018 | জিপ্লাছ নিউজডেস্ক

গুৱাহাটী - অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টিত ব্যাপক সাফল্য বিজেপিৰ। মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতি পুনৰ আস্থা প্ৰদৰ্শনেৰে মাজুলীত সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। মাজুলীৰ সমষ্টিৰ পঞ্চায়তত এই পৰ্যন্ত ঘোষণা হোৱা ফলাফল অনুসৰি বিজেপি দলে প্ৰায় আটাইকেইটা পঞ্চায়ততে সৰ্বাধিক আসন দখল কৰিছে। কেৱল আহতগুৰি আৰু ৰতনপুৰ মিৰি পঞ্চায়ততহে কংগ্ৰেছে বিজেপিক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে। অৱশ্যে এই পৰ্যন্ত ৱাৰ্ড সদস্যৰ ফলাফলহে ঘোষণা হৈছে।

সমষ্টিটোৰ ৰাৱণপাৰ পঞ্চায়তত এইপৰ্যন্ত ঘোষিত ৱাৰ্ড সদস্য পদৰ ফলাফল অনুসৰি বিজেপিয়ে ১০ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ আৰু অগপই এখনো আসন দখল কৰিবলৈ সক্ষম নহ’ল।

ইফালে গড়মুৰ পঞ্চায়ত বিজেপিয়ে ৯খন আসন দখল কৰাৰ বিপৰীতে কংগ্ৰেছে ১ খন আসন দখল কৰিবলৈ সক্ষম হয়। আনহাতে অগপই এখনো আসন লাভ নকৰিলে। 

সমষ্টিটোৰ আহতগুৰি পঞ্চায়তত বিজেপিয়ে দখল কৰিছে ৪খন আসন। ইয়াৰ বিপৰীতে কংগ্ৰেছ আৰু গণশক্তি দলে ৩ খনকৈ আসন দখল কৰিবলৈ সক্ষম হৈছে। তাৎপৰ্যপূৰ্ণভাৱে ইয়াতো এখনো আসন দখল কৰিবলৈ সক্ষম নহ’ল অসম গণ পৰিষদ দল। 

আমোদজনকভাৱে ৰতনপুৰ মিৰি পঞ্চায়ততো এখনো আসন লাভ নকৰিলে অসম গণ পৰিষদ দলে। ইয়াতো সৰ্বাধিক দুখনকৈ আসন লাভ কৰে বিজেপি আৰু গণশক্তিয়ে। কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰে এখনকৈ আসন।

{{bjhAbJRfbTy1zyy7Fafm}}

সংক্ষেপতে -

সমষ্টি - মাজুলী
ৰাৱনপাৰ পঞ্চায়ত (ৱাৰ্ড সদস্য)ৰ ফলাফল : 

বিজেপি- ১০
অগপ- ০
কংগ্ৰেছ- ০

গড়মূৰ পঞ্চায়ত :
বিজেপি- ৯
কংগ্ৰেছ- ১
অগপ-০

আহতগুৰি পঞ্চায়ত : 
বিজেপি- ৪
কংগ্ৰেছ- ৩
অগপ- ০
গণশক্তি- ৩

ৰতনপুৰ মিৰি পঞ্চায়ত : 
বিজেপি- ২
কংগ্ৰেছ- ১
অগপ- ০
গণশক্তি- ২
নিৰ্দলীয়- ১