+

one Ulfa cadre arrested in Kamakhya Station

২৬ ছেপ্তেম্বৰ, গুৱাহাটী : শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষণত মহানগৰীত গ্ৰেপ্তাৰ আলফা স্বাধীনৰ কেডাৰ। বুধবাৰে  কেৰেলাৰ পৰা অসমলৈ ঘূৰি আহি থকা অৱস্থাত কামাখ্যা ৰে’লৱে ষ্টেশ্যনৰ পৰা দিগন্ত অসম নামৰ আলফা কেডাৰজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।    

যোৱা এবছৰৰ পূৰ্বে আলফাত ভৰ্তি হৈছিল ধেমাজিৰ দিগন্ত অসম ওৰফে মিঠু চুতীয়া। ম্যানমাৰৰ মোবইল ১ নয় কেম্পত চলিত বৰ্ষৰ জুন মাহলৈকে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল কেডাৰজনে। সম্প্ৰতি মহানগৰ আৰক্ষীয়ে আলফা কেডাৰজন ঘূৰি অহাৰ প্ৰকৃত কাৰণ জানিবলৈ সোধপোছ অব্যাহত ৰাখিছে।  

পূজাৰ সময়ত কূটাঘাতমূলক কাৰ্যসূচী হাতত লৈ আহাৰ সন্দেহ কৰিছে মহানগৰ আৰক্ষীয়ে।  
              
{{uhEPCQjDXUc8dZVvJBuY}}

facebook twitter