On 5th july  Sishu Siksha Samiti have appealed masses to participate in "Guru Vandana"

11:32 AM Jul 02, 2020 | G Plus News

২, জুলাই, গুৱাহাটীঃ আহাৰ মাহৰ পূৰ্ণিমা অৰ্থাৎ অহা ৫ জুলাইৰ দিনটোক শ্ৰীশ্ৰীগুৰু পূৰ্ণিমা উৎসৱ হিচাপে পালন কৰিবলৈ যো-জা চলাইছে বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থাৰ অধীনস্থ সংস্থা শিশু শিক্ষা সমিতি, অসমে। এই অনুযায়ী সেইদিনা সন্ধিয়া ৬.৩০ বজাত কৰ’নাৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে নিজ নিজ ঘৰতে গুৰু বন্দনা কৰিবলৈ  শিক্ষাৰ সৈতে জড়িত অসমৰ আগশাৰীৰ সংস্থা "শিশু শিক্ষা সমিতি, অসমৰ" সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে আহ্বান জনাইছে    ।

শ্ৰীশ্ৰীগুৰু পূৰ্ণিমা উৎসৱ উপলক্ষে সেইদিনা শিশু শিক্ষা সমিতিৰ কাৰ্যকৰ্তাসকলৰ লগতে সমিতিয়ে পৰিচালনা কৰি অহা ৰাজ্যৰ প্ৰতিখন শংকৰদেৱ বিদ্যা নিকেতনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰুি ছাত্ৰ-ছাত্ৰীসকলে গুৰু বন্দনা কাৰ্যসূচীত ভাগ ল’ব বুলি শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে জনাইছে। সমিতিৰ তৰফৰ পৰা গুৰু বন্দনা কৰাৰ সময়ত নিজ ঘৰতে কৰিলেও পৰস্পৰৰ মাজত অতি কমেও ১ মিটাৰৰ ব্যৱধান ৰাখিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। 

'শব্দই ব্ৰহ্ম’ আৰু 'গুৰুৱেই শক্তি, গুৰুৱেই ভক্তি, গুৰুবিনে নাই গতি’ বুলি উল্লেখ কৰি শিশু শিক্ষা  সমিতিয়ে সেইদিনা ১১ বাৰ ঔঁ  ব্ৰহ্মনাদেৰে  মহাপুৰুষ শ্ৰীমন্ত  শংকৰদেৱৰ প্ৰণাম আৰু  গুৰু বন্দনা আৰম্ভ কৰি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ  'মুক্তিত নিস্পৃহ যিটো’ শীৰ্ষক ভগৱৎ বন্দনাৰে গুৰুৰ কৃপা লাভেৰে বৰ্তমানৰ বৈশ্বিক মহামাৰীৰ পৰা মানৱ সমাজক মুক্ত কৰিবলৈ সকলোকে প্ৰাৰ্থনা জনাবলৈ শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে আহ্বান জনাইছে। 

উল্লেখ্য যে, ভাৰতীয় দৰ্শনত যুগ যুগ ধৰি শব্দক ব্ৰহ্ম আখ্যা দি অহা হৈছে। সৃষ্টিৰ পাতনিও শব্দৰ দ্বাৰাই হৈছে। ঔঁ  হৈছে আদি শব্দ। নাদব্ৰহ্ম স্বৰূপ এই ঔঁ  ভক্তিসহকাৰে উচ্চাৰণ কৰিলে সৃষ্টি গুৰু ব্ৰহ্মা, পালন গুৰু বিষ্ণু আৰু সংহাৰ গুৰু মহেশ্বৰ তিনিওৰে সন্মিলিত উপাসনা কৰা হোৱাৰ লগতে ই প্ৰতিজনৰে মনক নতুন শক্তি প্ৰদান কৰে।