+

Oddisha man arrested for online sex racket in Guwahati 

২৬ ছেপ্তেম্বৰ, গুৱাহাটী : মহানগৰীত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত কাৰ্য-কলাপ। অনলাইনযোগে বিভিন্ন যুৱতী যোগান ধৰি দেহ ব্যৱসায় চলাই আহিছিল এজন উৰিষ্যাৰ যুৱকে। মঙলবাৰে নিশা  অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গীতানগৰ আৰক্ষীৰ সহযোগত অভিযান চলাই জু তিনিআলিৰ পৰা অনলাইন দেহ ব্যৱসায় চলাই অহা বহিঃৰাজ্যৰ দিলীপ চাহু নামৰ এগৰাকী লোকক গ্ৰেপ্তাৰ কৰে।

মহানগৰৰীৰ জুৰোড তিনিআলিৰ ভাড়াঘৰত বাস কৰা দিলীপ চাহুৱে দীৰ্ঘদিন ধৰি মহানগৰীত অনলাইনযোগে এই ব্যৱসায় চলাই অহাৰ কথা আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।

{{uhEPCQjDXUc8dZVvJBuY}}

গীতানগৰ আৰক্ষীয়ে ধৃত যুৱকজনৰ বিৰুদ্ধে ভাৰতীয় দত্তবিধিৰ ৩৪(আই টি পি), ৬৭(আই টি) আইনৰ আধাৰত ৪২১/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি সোধ-পোছ অব্যাহত ৰাখিছে। আনহাতে আৰক্ষীয় চাহুৰ লগতে এক বৃহৎ দেহ ব্যৱসায়ীৰ চক্ৰৰ হাত আছে বুলি সন্দেহ প্ৰকাশ কৰিছে।  

facebook twitter