Nekibur Zaman organised a prees meet on Darrang incident

06:22 AM Sep 23, 2019 | G Plus News

২৩ ছেপ্তেম্বৰ, গুৱাহাটী : দৰং কাণ্ড সন্দৰ্ভত নেকিবুৰ জামানৰ প্ৰতিক্ৰিয়া প্ৰকাশ। ক্ৰমান্বয়ে দৰং কাণ্ডই এক নাটকীয় মোৰ লোৱাৰ পিছতে ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰিছে “লাভ জেহাদ”ৰ ঘটনাই। 

দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত বিশিষ্ট অধিবক্তা নেকিবুৰ জামানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় - “ বুঢ়া আৰক্ষী চকীৰ ঘটনাটোক লৈ ছচিয়েল মিডিয়াত থলুৱা মুছলমানসকলক একাংশই অপমান কৰিছে। ৮০০ বছৰীয়া খিলঞ্জীয়া মুছলমান সকলক 'গেদা', 'গেদী' পৰ্যন্ত শব্দৰে ঠাট্টা- মষ্কৰা কৰিছে ।এয়া খিলঞ্জীয়া জনগোষ্ঠীৰ লোকক কৰা এক ঘোৰ অপমান। এনে কথা তথা মন্তব্যই আমাৰ সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰিব।
বুঢ়া কাণ্ডত যিজন যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে উক্ত যুৱকজনৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ আইনগত ব্যৱস্থা লওঁক।“


লগতে কয় যে  নিশাৰ ভিতৰত মহিলাক আটক কৰিব নোৱাৰে। তেন্তে বুঢ়া আৰক্ষী থানালৈ তিনি গৰাকী মহিলাক কিয় লৈ যোৱা হৈছিল।তিনি গৰাকী মহিলাক অত্যাচাৰ প্ৰসংগত দৰঙৰ আৰক্ষী অধীক্ষকক ক দিয়া এজাহাৰ পঞ্জীয়ন কৰা হৈছেনে নাই । যদি এজাহাৰ পঞ্জীয়ন কৰা হৈছে তেন্তে তদন্ত প্ৰক্ৰিয়া কিমান আগবাঢ়িছে। বিষয়টোৰ সন্দৰ্ভত দৰং আৰক্ষী অধীক্ষকক স্পষ্ট কৰাৰ দাবী কৰে অধিবক্তাজনে।


{{uhEPCQjDXUc8dZVvJBuY}} 

অধিবক্তা ছচিয়েল মিডিয়াত এই ঘটনা সন্দৰ্ভত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াক লৈ কয় যে 
ছচিয়েল মিডিয়াৰ এই অশ্লীল মন্তব্যসমূহে জাতি ধ্বংসত অৰিহণা যোগাইছে।