+

NDFB (S) Cadres apprehended in Udalguri

৯ ছেপ্তেম্বৰ, গুৱাহাটী : ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত দুজন এন ডি এফ বি (এচ)ৰ কেডাৰ আটক কৰে।ভেৰাগাঁও মহকুমা আৰক্ষীয়ে অভিযান চলাই দেওবাৰে শান্তিপুৰ এলেকাৰ পৰা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন এন ডি এফ বি (সংবিজিত পন্থী)ৰ দুজন কেডাৰ আটক কৰিবলৈ সক্ষম হয়। কেডাৰ দুজন ক্ৰমে এন ডি এফ বি (এচ)ৰ ফুংখা নাৰ্জাৰী(২৩) আৰু প্ৰসেন নাৰ্জাৰী(২৮) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষী বিষয়া নিৰ্মল ঘোষে জানিবলৈ দিয়া মতে বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত আৰক্ষীৰ দলটোৱে  অভিযান চলাইছিল। দুয়োজন কেডাৰৰে ঘৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং পূব খৈৰাবাৰীত বুলি অৱগত কৰে।

{{4CSF_UaoTFkjY5BY3FzZ}}

আৰক্ষীয়ে কেডাৰ দুজনৰ পৰা আৰক্ষীয়ে এটা নাইন এম এম পিষ্টল, এটা পইণ্ট ২২ পিষ্টল, ১০ জাঁই সক্ৰিয় গুলীৰ লগতে বহুতো আপত্তিজনক নথি পত্ৰ জব্দ কৰে। আৰক্ষীয়ে বৰ্তমান দুয়োজন কেডাৰৰ জেৰা অব্যাহত ৰাখিছে।

facebook twitter