+

NCLT demands to sell Cachar, Nogaon paper mills 

২৮ নৱেম্বৰ, গুৱাহাটী : অসাৰ ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি। ২ লাখ লোকৰ জীৱনক ভেঙুচালি কৰি ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণৰ নিৰ্দেশনা। নগাঁও আৰু কাছাৰ কাগজ কল বিক্ৰী কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণে (এন চি এল টি)।

যোৱা ২৫ নৱেম্বৰত অসমৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগ দুটা বিক্ৰী কৰিবলৈ পৰিসমাপকক এন চি এল টিয়ে নিৰ্দেশ দিয়ে। এই নিৰ্দেশনাৰ পাছতেই উদ্যোগকেইটাত কৰ্মৰত ২ লাখ কৰ্মচাৰীয়ে নিজৰ ভৱিষ্যতক লৈ সংকিত হয়।

শেহতীয়াকৈ ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাগজ কল দুয়াৰ পুনৰুজ্জীৱিতকৰণক লৈ কৰ্মচাৰীসকলক আশ্বাস প্ৰদান কৰিছিল। কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা খণ্ড দুটাৰ বিক্ৰী কৰিবলৈ সিদ্ধান্ত লোৱাৰ পাছত উদ্যোগ দুটাত কৰ্মৰত কৰ্মচাৰীসকলে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সৃষ্টি কৰিছিল। কৰ্মাচাৰীসকলৰ আবেদনৰ ভিত্তিত যোৱা ২৯ মে’ত কাগজ কল দুটা চলাবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক এন চি এল টিয়ে নিৰ্দেশ দিয়ে। কৰ্মচাৰীসকলৰ দৰমহা তথা অন্যান্য ক্ষেত্ৰত ব্যয়ৰ বাবে প্ৰয়োজনীয় পুঁজি মুকলি কৰি দিবলৈও নিৰ্দেশ দিয়ে। কিন্তু চৰকাৰে এন চি এলটিৰ তেনে নিৰ্দেশ অমান্য কৰি উদ্যোগ দুটা পুনৰুজ্জিৱীত কৰিব বুলি পৰা নাযাব বুলি শপতনামা দাখিল কৰে।

আনহাতে এন চি এল টিৰ শেহতীয়া নিৰ্দেশনাৰ পাছত ৰাজহুৱা খণ্ডৰ উদ্যোগকেইটা ব্যক্তিগত খণ্ডৰ অধীনলৈ যোৱাতে প্ৰায় নিশ্চিত হৈ পৰিছে। কাগজ কল দুটাৰ কৰ্মচাৰীসকলে কেবামাহ ধৰি প্ৰাপ্য দৰমহা তথা অন্যান্য সা-সুবিধাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। আৰ্থিক সংকটৰ বাবে উদ্যোগ দুটাৰ ৬০ গৰাকী কৰ্মচাৰীয়ে আত্মহত্যা কৰিব লগীয়া হৈছে।      

facebook twitter