+

Naked protest in Dibrugarh

৯ ডিচেম্বৰ, গুৱাহাটী : ক্ৰমাৎ জংগী ৰূপ ধাৰণ কৰিছে কেবৰ প্ৰতিবাদ। ডিব্ৰুগড়ত টাই- আহোম যুৱ পৰিষদৰ তিনি সদস্যৰ আন্দোলনৰ চৰম পন্থা। 

হাতত দেংদাং লৈ  প্ৰতিবাদকাৰীসকলে সকিয়নী দিয়ে ৰাজ্য চৰকাৰক।  টাইপা ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক দীপাংকৰ দুৱৰা,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ খান আৰু আৰজু আলী নামৰ তিনি যুৱকে ৰাজপথত উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে। 

প্ৰতিবাদকাৰীসকলে “এই জুই জ্বলিছে, জ্বলিবই”, “বিজেপি হুচিয়াৰ”, “জয় আই অসম”, “মুখ্যমন্ত্ৰী হুচিয়াৰ” শ্লোগানেৰে ডিব্ৰুগড় চহৰৰ মাজ মজিয়া কঁপাই তোলে। প্ৰতিবাদকাৰীসকলে কয়-“এইখন চৰকাৰে অসমখনক বাৰে বাৰে নাঙঠ কৰিছে। সৰ্বানন্দ সোণোৱালক আমি প্ৰত্যাহ্বান জনাইছো কেব যদি গৃহীত হয় আহোমৰ হেংদাংসমূহ এতিয়াও মামৰে ধৰা নাই, সেইহেংদাঙেৰে যেনেকৈ বদন খেদিব পাৰিছিল তেনেকৈ সেই হেংদাঙেৰে বিদেশীও খেদিব।”

facebook twitter