Mridusmita Gogoi appointed as a Brand ambassador Kaziranga Ntional Park

07:51 AM Feb 22, 2020 | G Plus News

২২ ফেব্ৰুৱাৰী, গুৱাহাটী : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ‘থিম ছং’ ৰচি অসম জৈৱ বৈচিত্ৰ সংৰক্ষণ বৰ্ডৰ ব্ৰেণ্ড এম্বেচেদৰ হিচাপে নিযুক্ত হ’ল একাদশ শ্ৰেণীৰ মৃদুস্মিতা গগৈ। যোৱা শুকুৰবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত  নিৰ্মাণ কৰা মৃদুস্মিতা গগৈৰ কাজিৰঙা কাজিৰঙা শীৰ্ষক গীতটিৰ এটি ভিডিঅ’ উদ্বোধন কৰে। 

কাজিৰঙাত অনুষ্ঠিত হোৱা ছাত্ৰ–ছাত্ৰীৰ আবাসিক প্ৰকৃতি শিবিৰৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তই উন্মোচন কৰে থীম ছংটো। 


তামোল পানৰ বেপাৰ কৰি পৰিয়াল চলোৱা অতি দৰিদ্ৰ পৰিয়ালৰ ছোৱালী মৃদুস্মিতাৰ গগৈ। ভিডিঅ’টো উদ্বোধন কৰাৰ সময়ত ডাইচতে উচুপি উঠে মৃদুস্মিতাই।  পঢা়ত অত্যন্ত চোকা মৃদুস্মিতাক চৰকাৰৰ ফালৰ পৰা সহায় আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী কেশৱ মহন্তই।