+

MPs’ model village scheme bogged down in Assam

২৪ ছেপ্তেম্বৰ, গুৱাহাটী : আদৰ্শ গাওঁ নিৰ্মাণত ব্যৰ্থ ৰাজ্যৰ ১৪ জনকৈ সাংসদ। যোৱা ২০১৪ চনৰ ১১ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাংসদ আদৰ্শ গ্ৰাম যোজনা মুকলি কৰি ২০১৬ চনৰ ভিতৰতে প্ৰতিজন সাংসদক এখনকৈ আদৰ্শ গাওঁ হিচাপে গঢ়ি তোলাৰ নিৰ্দ্দেশ দিছিল। কিন্তু চলিত বৰ্ষত  আদৰ্শ গাওঁ নিৰ্মাণৰ বাবে ২০১৯ বৰ্ষৰ ভিতৰত বান্ধি দিয়া সময়সীমা  উকলি যোৱাৰ পাছতো সম্পূৰ্ণ নহ’ল আদৰ্শ গাওঁ নিৰ্মাণৰ কাম।

লোকসভাৰ ১৪ জন সাংসদৰ ভিতৰত ১২ জনে আদৰ্শ গাওঁ নিৰ্মাণৰ পদক্ষেপ লৈছিল যদিও পাঁচ বছৰীয়া কাৰ্যকালত বাঁচনি কৰি দিয়া তিনিখন গাৱঁৰ এখন গাঁৱকো এশ শতাংশ আদৰ্শ গাওঁ হিচাপে গঢ়ি তোলাত ব্যৰ্থ হয়। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰস্তুত কৰা নিৰ্দেশনাৱলীৰ ভিত্তিত এখন গাৱোঁ আদৰ্শ গাৱঁলৈ ৰূপান্তৰিত কৰা নহ’ল, ২০/৩০ শতাংশ কাম কৰিয়েই সাংসদসকলে হাত দাঙি দিলে।

আদৰ্শ গাৱঁৰ কাম-কাজ হাতত লোৱা সাংসদসকলেও ন্যূনতম বিশুদ্ধ খোৱাপানী যোগান, অনাময়, বিদ্যুৎ যোগান, শিশুৰ বাবে আন্তঃগাথঁনি নিৰ্মাণ কৰা একো ব্যৱস্থাই কৰিব নোৱাৰিলে। ইতিমধ্যে কাৰ্যকাল ওকলি যোৱা ৰমেন ডেকাই নলবাৰীৰ বালিতৰা গাওঁ,বিজয়া চক্ৰৱৰ্তীয়ে পলাশবাৰীৰ সাতপখলি তেজপুৰ, ৰাজেন গোহাঁইয়ে  ৰহাৰ দক্ষিণ জাজিয়াল, নৱ শৰণীয়াই তামুলপুৰৰ ৪ নং তামুলপুৰ, আৰ পি শৰ্মাই নৱদুৱাৰৰ চতিয়া, সুষ্মিতা সেনে কাছাৰৰ লক্ষীনগৰ, গৌৰৱ গগৈয়ে সৰুপথাৰৰ গোন্ধকৰৈ, ৰাধেশ্যাম বিশ্বাসে হাইলাকান্দিৰ মাটিজুৰি পাইকান, বদৰুদ্দিন আজমলে মানকাচাৰৰ কুচনিমাৰা ঝোৰদাঙা, চিৰাজউদ্দিন আজমলে বৰপেটাৰ কলগাচিয়াক আদৰ্শ গাওঁ হিচাপে গঢ়ি তোলাৰ পদক্ষেপ লৈছল। সেই সময়ৰ সাংসদ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জোনাইৰ কেমিজেলেম গাৱঁক আদৰ্শ গাওঁ হিচাপে গঢ় দিয়াৰ কথা আছিল যদিও উত্তৰাধিকাৰী হিচাপে সেই দায়িত্ব প্ৰদান বৰুৱালৈ যায়। কিন্তু আদৰ্শ গাওঁ নিৰ্মাণত ব্যৰ্থ হয় প্ৰদান বৰুৱা।

{{uhEPCQjDXUc8dZVvJBuY}} 

উল্লেখযোগ্য যে, লোকসভাৰ সাংসদৰ লগতে ৰাজ্যসভাৰ সাংসদসকলকো প্ৰধানমন্ত্ৰীয়ে এই নিৰ্দেশ দিছিল। কিন্তু ৰাজ্যখনৰ ক্ষেত্ৰত ৰাজ্যসভাৰ সাংসদসকলে আদৰ্শ গাওঁ নিৰ্মাণৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে।        
 

facebook twitter