+

Modi building a wall in front of slum area

২১ ফেব্ৰুৱাৰী, গুৱাহাটী : “গৰিবী ছুপাও, দেশ বচাও।”

 ‘বিশ্বৰ ৭ আশ্চৰ্য’ত নতুন সংযোজন। পূৰ্বৰে পৰাই বিশ্বই স্বীকৃতি প্ৰদান কৰা ৭ বিস্ময়কৰ সম্পদৰ তালিকাত নতুন সংযোজন  ‘দ্যা গ্ৰেট ৱাল অৱ গুজৰাট’। ভাৰতৰ দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী মোডীৰ এই নৱ সংযোজন এতিয়া সমগ্ৰ দেশবাসীৰ পৰিচিত।

আচলতে কথাটো হৈছে ভাৰতলৈ অতি শীঘ্ৰেই আহি আছে আমেৰিকাৰ আলহী। অহা ২৪ ফেব্ৰুৱাৰী আৰু ২৫ ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ কাৰণে ভাৰত ভ্ৰমণ কাৰ্যসূচীৰে মোডীৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহি আছে আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। 

আহমেদাবাদত নিৰ্মাণ কৰি থকা বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামটো উদ্বোধন কৰিবলৈ মোডীয়ে আৰতলৈ আমন্ত্ৰণ জনাইছিল ৰাষ্ট্ৰপতিগৰাকীক। ইয়াৰ পাছতে গুজৰাট বাসীয়ে ন কইনা ৰূপত সজাই তুলিছে সমগ্ৰ গুজৰাট। প্ৰায় ৫০ কোটি টকা ব্যয় কৰি গুজৰাটক আটক ধুনীয়াকৈ সজোৱাত উঠি পৰি লাগিছে ৰাজ্য চৰকাৰ। 

এই সাজোন কাচোনৰে এটা অংশ হৈছে ‘দ্যা গ্ৰেট ৱাল অৱ গুজৰাট’। এতিয়া সমগ্ৰ দেশবাসীৰ মুখে মুখে প্ৰচলিত এই বিশেষ ৱালখন। ভাৰতৰ দৰিদ্ৰতা নিৰ্মূলকৰণৰ সহজ উপায় অৱলম্বন কৰিছে প্ৰধানমন্ত্ৰীয়ে। 

উক্ত দিনটোত বিমান বন্দৰৰ পৰাই  মোডীজীৰ ট্ৰাম্পসহ এক বিশাৰ পদযাত্ৰা উলিওৱাৰ কথাও সদৰি কৰিছিল প্ৰধামন্ত্ৰীগৰাকী। কিন্তু সেই পদযাত্ৰা কৰাত বিশেষভাৱে  বাধা প্ৰদান কৰিছে গুজৰাটৰ বস্তি এলেকাসমূহে। কিয়নো  সৰদাৰ বল্লভ ভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰপৰাই প্ৰায় আধাকিলোমিটাৰ ৰাস্তাতে পৰে এটা বস্তি এলেকা। 
প্ৰায় ২৬ হাজাৰ লোকে বাস কৰা এই বস্তি এলেকাটো ট্ৰাম্পক দেখুৱাব বিচৰা নাই প্ৰধানমন্ত্ৰীয়ে। 

সেই গতিকে পৰা সৰদাৰ বল্লভ ভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ইন্দিৰা দলং লৈকে  ৭ ফুট উচ্চতা, প্ৰায় আধা কিলোমিটাৰ দৈৰ্ঘ্যৰে ৩.৭ কোটি টকা ব্যয়েৰে বস্তি এলেকাৰ সন্মুখত নিৰ্মাণ কৰিছে ‘দ্যা গ্ৰেট ৱাল অৱ গুজৰাট’। লগে লগেই এ এন আই নামৰ মিডিয়া প্ৰতিষ্ঠানটোৱে টুইটাৰত ভাইৰেল কৰিলে এই বিশেষ দেৱালখনৰ নিৰ্মাণৰ কাম। 

তাৰ পাছত ইটোৰ পাছত সিটো পাছত। ৰাষ্ট্ৰীয়  তথা আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমেও প্ৰচাৰ কৰিলে এই প্ৰখ্যাত ৱালখনৰ বাতৰি। উল্লেখ্য যে আহমেদাবাদ পৌৰ নিগমৰ আয়ুক্ত বিজয় নেহৰাই ৱালখনৰ সন্দৰ্ভত কয়- এই ৱালখন নিৰ্মাণ কৰাৰ পৰিকল্পনা আজি দুমাহৰ পূৰ্বেই কৰা হৈছিল।” ইফালে গুজৰাট চৰকাৰে কয় যে এই ৱালখন পূৰ্বেই আছিল। কিন্তু ভাঙি যোৱাৰ কাৰণে পুনৰ নিৰ্মাণ কৰোৱা হৈছে। 

এই ঘটনা ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতেই মোডীক বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে দেশবাসীয়ে। ২০ বছৰ ধৰি গুজৰাটত  শাসনভাৰ গ্ৰহণ কৰাৰ পাছতো কিয় দৰিদ্ৰতা নিৰ্মূলকৰণ কৰিব পৰা নাই মোডীয়ে?
কিছুমানে চীনৰ লগত প্ৰতিযোগিতা কৰিবলৈ এই গ্ৰেট ৱালখন নিৰ্মাণ কৰা হৈছে বুলিও মীম শ্বেয়াৰ কৰে। 


আনহাতে বৰ্তমানলৈ ৱালখনৰ সম্পৰ্কত মৌনতা অৱলম্বন কৰিছে মোডীয়ে। 

ইমানবোৰ বাক -বিতণ্ডাৰ পিছতো আহমেদাবাদ পৌৰ নিগম এতিয়া ব্যস্ত এই দেৱাল নিৰ্মাণত। মুঠতে ট্ৰাম্প অহাৰ পূৰ্বেই শেষ হ’ব লাগিব দেৱাল নিৰ্মাণৰ কাম। 

উল্লেখ্য যে মোডীয়ে ট্ৰাম্প অহাৰ সময়খিনিত বস্তিৰ লোকসকলক মনে মনে থাকিবলৈ দিয়াৰ কথাও প্ৰকাশ কৰিছে বস্তিৰ লোকে। এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে এই ৱালখন।  

আনহাতে ইয়াৰ পূৰ্বে জাপানৰ প্ৰধানমন্ত্ৰী ছিনজ’ আবে আহোতেও নৰেন্দ্ৰ মোডীৰ আদেশত উক্ত বস্তি এলেকাটো সেউজীয়া কাপোৰেৰে ঢাকি দিয়া হৈছিল। 

এতিয়া প্ৰশ্ন হৈছে যে কোন দিশে আগবাঢ়িছে ভাৰতৰ উন্নয়ন। এই ৱালখনে দেশৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাইছে । কথাতে আছে নহয় ভাৰতীয়সকলে  ‘জোগাৰ’ ব্যাৱস্থাত এনেও পাকৈত।  ইয়াকে প্ৰমান কৰিছে প্ৰধান মন্ত্ৰীগৰাকীও।

facebook twitter