+

Miscreants looted Rs 1.50 lakh from a woman at Sixmile Guwahati

২৮ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীৰ দিছপুৰ থানাৰ অন্তর্গত ডাউন টাউনৰ পৰা বৃহস্পতিবাৰে দুপৰীয়া এগৰাকী মহিলাৰ পৰা দুই দুর্বৃত্তই নগদ ডেৰ লাখ টকা কাঢ়ি লৈ যোৱাত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ভুক্তভোগী মহিলাগৰাকী হ’ল জটিয়াৰ মন্দাকিনী পথৰ বাসিন্দা মীনাক্ষি গগৈ চেতিয়া (৪৭)৷ ঘটনা সন্দর্ভত আৰক্ষীৰ এক সূত্রই জনোৱা মতে, জটিয়া নিৱাসী মীনাক্ষি গগৈ চেতিয়াই বৃহস্পতিবাৰে দিনৰ প্রায় ১ বজাত এইচ ডি এফ চি বেংকৰ ৰুক্মিণীগাঁও শাখাৰ পৰা নগদ ডেৰ লাখ টকা উলিয়ায়৷ টকাৰ বেগ লৈ ঘৰলৈ উভতি যোৱাৰ সময়ত ডাউন টাউনৰ গোৱিন্দম ছুইটছৰ সন্মুখত পিছফালৰ পৰা বগা স্কুটীত অহা দুই দুর্বৃত্তৰ দল এটাই ভুক্তভোগী মহিলাগৰাকীক ঠেলা মাৰি ৰাজপথত পেলাই হাতৰ পৰা নগদ ডেৰ লাখ টকাৰ বেগটো কাঢ়ি লৈ যায়৷ সমগ্র ঘটনা সন্দর্ভত ভুক্তভোগী মহিলা গৰাকীয়ে দিছপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

facebook twitter