+

Manipur to introduce ‘No School Bag Days’ on all working Saturdays

৯ ছেপ্তেম্বৰ, গুৱাহাটী : মণিপুৰত প্ৰতি শনিবাৰে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে  শিক্ষাৰ্থীৰ বাবে “স্কুলবেগ বিহীন দিন” ঘোষণা। এতিয়াৰ পৰা সকলো চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু বেচৰকাৰী বিদ্যালয়সমূহত প্ৰতি শনিবাৰে স্কুলবেগবিহীন দিন হিচাপে পৰিগণিত হ’ব। 

ৰাজ্যখনৰ শিক্ষা আয়ুক্ত টি ৰঞ্জিতে স্বাক্ষৰ কৰা এক নিৰ্দেশনা মৰ্মে ছাত্ৰ- ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি অৱগত কৰে। অত্যাধিক স্কুলীয়া পাঠ্যক্ৰমৰ বোজা, অতিৰিক্ত হোমৱৰ্ক ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব বিকাশত অন্তৰায় হৈ আহিছে।  

{{4CSF_UaoTFkjY5BY3FzZ}}

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বিৰেন সিঙে এই ঘোষণা সন্দৰ্ভত কয়-“ পৃথিৱীখন চকুৰ পচাৰতেই তীব্ৰ গতিত পৰিৱৰ্তন হৈছে। আমি শিশুসকলকো কিছু পৰিমানে স্বাধীনতা দিয়াৰ প্ৰয়োজন। এই বিষয়সমূহ বিচাৰ কৰি শিক্ষা বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।”

 লগতে ৰাজ্য চৰকাৰে শনিবাৰে বিদ্যালয়সমূহত ছাত্ৰ- ছাত্ৰীসকলক পঢ়া-শুনাৰ সলনি, খেল- ধেমালি, অন্যান্য গঠনমূলক কাৰ্য-কলাপতো অংশগ্ৰহণ কৰাবলৈ আহবান জনায়।

 

facebook twitter