+

Let us live - Drivers

২২ ফেব্ৰুৱাৰী, গুৱাহাটী : বৰঝাৰ বিমান বন্দৰত উত্তপ্ত পৰিৱেশ। সদৌ অসম কেব অপাৰেটৰ ইউনিয়ন, অ’লা- উবেৰ আৰু টেক্সী চালকৰ উত্তপ্ত প্ৰতিবাদ। পৰিবহন বিভাগে  প্ৰতিদিনৰ নতুন নিয়মসমূহক লৈ অতিষ্ঠ হৈ পৰিছে গাড়ীৰ চালকসকল। বি জে পি চৰকাৰ গ’ বেক ,পৰিবহন বিভাগ হায় হায় ধব্বনিৰে উত্তাল বৰঝাৰ বিমান বন্দৰ। 

‘হয় আমাক জীয়াই থাকিবলৈ দিয়ক নহয় আমাক গুলীয়াই মাৰক।’  অসম,অৰুণাচল আৰু মেঘালয়ৰ ৩খন ৰাজ্যৰ অনুজ্ঞাপত্ৰ লৈ গাড়ী চলাই আছে Ola-Uberকে টেক্সী চালক সকলে কিন্তু এইবাৰ মহানগৰ পৰিবহন বিভাগে গুৱাহাটীত প্ৰৱৰ্তন কৰা  নতুন নিয়মসমূহৰ বাবে বিপাঙত পৰিছে চালকসকল। 

 চালকসকলৰ অভিযোগ কৰি কয় যে মহানগৰীত গাড়ী চলাবলৈ পৰিবহন বিভাগক গুৱাহাটী মহানগৰীৰ অনুজ্ঞাপত্ৰ দেখুৱাব লাগিব। ৩খন ৰাজ্যৰ অনুজ্ঞাপত্ৰ থকাৰ পিছতো গুৱাহাটীত পৰিবহন বিভাগে কেবৰ পৰা বিচাৰে মহানগৰীৰ অনুজ্ঞা পত্ৰ।  অনুজ্ঞা পত্ৰ নাথাকিলে ১০ হেজাৰৰ পৰা ১৫০০ হেজাৰ টকা পৰ্যন্ত  জৰিমনা ভৰিব লাগিব। 

প্ৰতিবাদৰ ভাষা নুবুজা চৰকাৰক চালকসকলৰ কথা নুশুনিলে গুলীয়াৰ মাৰিবলৈ হুংকাৰ প্ৰদান কৰে। চালকসকলে ক্ষোভ প্ৰকাশ কৰি কয় -“ আমি শিক্ষিত নিৱনুৱা হোৱাৰ পাছতো নিজে সংস্থাপিত হৈ কোনোমতে ঘৰখন পোহপাল দি আছো। কোনোৱে যদি ঘৰৰ মাটি বন্ধকত দি গাড়ী কিনিছে কোনোৱে আকৌ গহনা বিক্ৰি কৰি গাড়ী লৈছে। 

সেয়েহে  যদিহে চৰকাৰে চালকসকলৰ পক্ষে কোনো সিন্ধান্ত নলয় তেন্তে ইয়াৰ পিছত আন্দোলন জংগী হ'ব বুলি মন্তব্য কৰাৰ লগতে আত্মহত্যা কৰিব লাগিব বুলি হুংকাৰ দিয়ে চালকসকলে। আনহাতে বিশেষ কোনো সিন্ধান্ত নল’লে তেওঁলোকে উগ্ৰপন্থী অথবা চোৰ-ডকাইতৰ পথ বাচিব ল’ব লাগিব বুলিও মন্তব্য প্ৰকাশ কৰে। 

facebook twitter