Lakhminath Rasaraj Bejboruah 155 birthday celebration

09:39 AM Oct 14, 2019 | G Plus News

১৪ অক্টোবৰ, গুৱাহাটী :  আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে  অসমীয়া সাহিত্যৰ প্ৰাণস্বৰূপ  ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৫ সংখ্যক  জন্ম জয়ন্তী। ১৮৬৪ চনৰ ১৪ অক্টোবৰত  নগাঁৱৰ আহঁতগুৰিত জন্ম হৈছিল অসমৰ জাতীয় সংগীতৰ স্ৰষ্ট্ৰা,আধুনিক অসমীয়া সাহিত্যৰ পথ-প্ৰদৰ্শক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ। 

শংকৰী সাহিত্যৰ অমূল্য সম্পদক পোহৰাই তোলাৰ পথেৰে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি-শিল্পক আধুনিকীকৰণেৰে সঞ্জীৱীত কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। একাধাৰে  কবি, নাট্যকাৰ, গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতাকে ধৰি সকলো দিশতে অসমীয়া সাহিত্যত বেজবৰুৱাৰ অৱদান অতুলনীয়।

কুৰি শতিকাৰ আগছোৱাক ‘লক্ষ্মীনাথ বেজবৰুৱাৰ যুগ’ বুলি অভিহিত কৰা হয়। বেজবৰুৱাৰ নিভাঁজ ৰচনাৰে অসমীয়া ভাষা-সংস্কৃতিক বিশ্বৰ দৰবাৰত উজ্বলাই তুলিছিল। 

 আজি গুৱাহাটী ক্লাৱৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত জন্মতিথিৰ দিনা পুৱাই ৰসৰাজক স্মৰণ কৰি পুষ্পাঞ্জলি অৰ্পন কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে। ভাষাৰ জনক গৰাকীক স্মৰণ কৰি অনুষ্ঠিত কৰা এই অনুষ্ঠানটিত কামৰূপ মেট্ৰ’ৰ উপায়ুক্ত বিশ্বজিৎ পেগু উপস্থিত থাকে।

 ১৯৩৮ চনৰ ২৬ মাৰ্চত ডিব্ৰ়গড়ত নিজৰ জী- জোৱাঁইৰ ঘৰত ইহলীলা সম্বৰণ কৰে অসমীয়া ভাষাৰ জনক সাহিত্যৰথী বেজবৰুৱাই ৷