Kaziranga National Park to be reopen for Tourists on 12th Oct

11:08 AM Oct 11, 2019 | G Plus Digital Desk

১১ অক্টোবৰ, গুৱাহাটী - কাইলৈ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এশিঙীয়া গড়ৰ বাবে বিখ্যাত বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কাইলৈ পর্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে।

উল্লেখ্য যে দস্তুৰ অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন প্ৰতিবছৰে পহিলা নৱেম্বৰৰ পৰা পর্যটকৰ বাবে মুকলি কৰি দিয়া হয় যদিও সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ মুক্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা পূর্বৰ পৰম্পৰা ভংগ কৰি এমাহ আগতীয়াকৈ অর্থাৎ পহিলা অক্টোবৰতেই পৰ্যটকৰ বাবে ৰাষ্ট্রীয় উদ্যানখন মুকলি কৰাৰ নিয়ম কৰিছিল৷ পিছে এইবাৰ প্রলয়ংকৰী বানপানীয়ে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানক বাৰুকৈয়ে বিপৰ্যস্ত কৰি ৰখাৰ বাবেই কিছু পলমকৈ উদ্যানখন মুকলি কৰিবলগীয়া হয়। শেহতীয়া বানপানীত উদ্যানখনৰ বহু সংখ্যক বন্যপ্রাণী মৃত্যুমুখত পৰাৰ লগতে উদ্যানৰ বাট পথ, দলং, বন শিবিৰ আদি নষ্ট হৈ পৰিছিল।

স্মৰ্তব্য যে শেহতীয়া বানপানীত উদ্যানৰ ভিতৰৰ ভালেসংখ্যক বাট -পথ জৰাজীৰ্ণ হৈ পৰিছে৷ ঠায়ে ঠায়ে দলং আদিও উটুৱাই নিছে বানে। অৱশ্যে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ কঁহৰা, বাগৰি, অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চলত পর্যটকে ভ্রমণ কৰাৰ সুবিধা আছে৷ কেৱল কঁহৰা বনাঞ্চলৰ মিহিমুখত বন বিভাগৰ হাতী আৰু বাগৰি বনাঞ্চলত ব্যক্তিগত হাতীৰে এলিফেণ্ট ছাফাৰীৰ সুবিধা আছে৷

কঁহৰা বনাঞ্চল এলেকাত পর্যটকে প্রায় ২৪ কিলোমিটাৰ পথ জীপ ছাফাৰী কৰিব পাৰিব যদিও এইবাৰ মিহিমুখৰ পৰা ভৈচামাৰীলৈকে মাত্র ২২ কিলোমিটাৰহে গাড়ীৰে ভ্রমণ কৰিব পাৰিব৷ আনহাতে, বাগৰি বনাঞ্চলৰ মাত্র আঠ কিলোমিটাৰ দূৰত্বলৈকে পর্যটকে জীপ ছাফাৰী কৰিব পাৰিব৷ ইয়াৰে ডুঙা দর্শন চুড়া আৰু বিমলি তিনিআলি দুৰত্বলৈকে পর্যটকে কেৱল জীপ ছাফাৰী কৰিব পাৰিব। 

উল্লেখ্য যে ১২ অক্টোবৰত ৰাষ্ট্রীয় উদ্যানখনৰ কঁহৰা আৰু বাগৰি বনাঞ্চলতহে পর্যটকে কেৱল জীপ ছাফাৰী কৰিব পাৰিব৷ অৱশ্যে অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চল পৰৱর্তী সময়ত পর্যটকৰ বাবে মুকলি কৰা হ’ব৷ আনহাতে, ১২ অক্টোবৰত মুকলি নহ’ব এলিফেণ্ট ছাফাৰী।

কাইলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে এই উদ্যান মুকলি কাৰ্যসূচীত ভাগ ল’ব বন আৰু পৰিৱেশ মন্ত্রী পৰিমল শুক্লবৈদ্য, বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্রী অতুল বৰা , কলিয়াবৰৰ বিধায়ক তথা মন্ত্রী কেশৱ মহন্ত। মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৰাষ্ট্রীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ মিহিমুখত ৰাষ্ট্রীয় উদ্যানৰ প্রৱেশদ্বাৰৰ ফিটা কাটি আনুষ্ঠানিকভাৱে ২০১৯-২০ বর্ষৰ পর্যটকৰ বাবে মুকলি কৰিব৷