+

IIT Guwahat invented a milk testing kits 

২০ নৱেম্বৰ, গুৱাহাটী : আই আই টি গুৱাহাটীৰ চমকপ্ৰদ উদ্ভাৱন। গাখীৰৰ বিশুদ্ধতা নিৰূপনৰ বাবে এক বিশেষ ডিভাইচৰ উদ্ভাৱন। গাখীৰৰ শুদ্ধতাৰ সমস্যা নিবাৰণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় প্ৰযুক্তি বিজ্ঞান প্ৰতিষ্ঠান  চমুকৈ আই আই টি , গুৱাহাটীয়ে উদ্ভাৱন কৰিছে এক বিশেষ ডিভাইচ। 

উচ্চ শিক্ষা প্ৰতিষ্ঠান আই আই টি, গুৱাহাটীৰ জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক  বিভাগৰ এটা দলে উদ্ভাৱন কৰিছে এই চমৎকাৰী প্ৰযুক্তিটো। বিভাগটোৰ সহকাৰী অধ্যাপক প্ৰাঞ্জল চন্দ্ৰা আৰু গৱেষক ছাত্ৰ কুলদ্বীপ মাহাতোৱে দীৰ্ঘদিনীয়া সাধনাৰ পাছত উদ্ভাৱন কৰা ডিভাইচটোৰ বজাৰ মূল্য অতি কম হ’ব বুলিও জানিবলৈ দিয়ে কৰ্তৃপক্ষই।

ইখন বিশেষ কাগজেৰে নিৰ্মিত ডিভাইচটোত সামান্য গাখীৰ পেলাই দিলেই ডিভাইচটোৰ ৰং সলনি হ’লেই গাখীৰৰ বিশুদ্ধতাৰ নিৰূপণ হ’ব। এই বিশেষ প্ৰযুক্তিবিদ্যাৰ সহায়ত গাখীৰৰ ভেজাল নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি  প্ৰতিষ্ঠানটোৰ আশা প্ৰকাশ কৰিছে।  

facebook twitter