+

Hrithik Roshan wins Dada Saheb Phalke International Film Fest Award

গুৱাহাটী - ছুপাৰ ৩০ ছবিত ঋতিক ৰোশনৰ সুন্দৰ অভিনয়ৰ বাবে অলপতে মুম্বাইত অনুষ্ঠিত দাদা চাহেব আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ ২০২০ ৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান প্ৰদান কৰা হয় ।

বিহাৰৰ আনন্দ কুমাৰ নামৰএজন গণিতজ্ঞই আই আআই টি- জেইই পৰীক্ষাৰ শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়া মন পৰশা কাহিনীক লৈ কেন্দ্ৰ কৰি নিৰ্মাণ কৰা ছবিখনৰ অতুলনীয় অভিনয়ৰ বাবে তেওঁক প্ৰদান কৰা হৈছে এই সন্মান ।

বিকাশ বেহেলৰ প্ৰযোজনাত নিৰ্মাণ কৰা ছবিখনে মুক্তিৰ পাচতে‌লাভ কৰিছিল যথেষ্ট সফলতা।

হৃতিক ৰোশনৰ লগতে পুৰস্কাৰ লাভ কৰা আন আন পুৰস্কাৰপ্ৰাপ্তসকল ক্ৰমে

শ্ৰেষ্ঠ ছবি - ছুপাৰ ৩০
শ্ৰেষ্ঠ অভিনেতা - হৃতিক ৰোশন
শ্ৰেষ্ঠ প্ৰতিশ্ৰুতি সম্পন্ন অভিনেতা - কিচ্ছা সুজীপ
শ্ৰেষ্ঠ অভিনেতা (টেলিভিছন ছিৰিজ) - ধীৰাদ ধুপাৰ
শ্ৰেষ্ঠ অভিনেত্ৰী (টেলিভিছন) - দিব্যাঙ্কা ত্ৰিপাঠী

facebook twitter