+

Historical junbeel mela starts from today

১৬ জানুৱাৰী, গুৱাহাটী : আজিৰ পৰা আৰম্ভণি হৈছে ঐতিহাসিক জোনবিল মেলা। ১৬ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উলহে মালহে পালন কৰা হ’ব এই মেলা। পাহাৰ ভৈয়ামৰ সমন্বয়ৰ সেঁতু গঢ়ি জাতি - ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো লোকে এই মেলাত দ্ৰব্য বিনিময় কৰে।

গোভা ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ পৰাই এই জোনবিল মেলা পালন কৰা হয়। গোভা ৰজা দীপসিং ডেওৰজাই সামাজিকভাৱে ৰাজকীয়া পৰম্পৰা ধৰি ৰাখি এই পৰম্পৰা অক্ষুন্ন ৰাখিছে।   

এই মেলাৰ বিশেষ তাৎপৰ্য হৈছে বিনিময় প্ৰথা।  পাহাৰত বাস কৰা জনজাতীয় লোকসকলে নিজৰ ঘৰত উৎপাদিত সমগ্ৰীসমূহ ভৈয়ামৰ লোকসকলৰ জলপান, সাণ্ডহ, পিঠা আদিৰ লগতে বিনিময় কৰে। প্ৰবাদ মতে  এই বিনিময় প্ৰঠাৰে আহৰণ কৰা পিঠা, লাৰুৰে ইয়াৰ পাছৰটো বুধবাৰে পাহাৰৰ তিৱা, কাৰ্বি সংস্কূতিৰ লোকসকলে বিহু পালন কৰে। 

পাহাৰৰ পৰা নামি অহা জনজাতীয় লোকসকলে দুই-তিনি দিন ধৰি বিলৰ পাৰতে  নৰা, ইকৰা, খাগৰিৰে সৰু সৰু ঘৰ সাজি বাস কৰে। মেলাস্থলীত ৰজাৰ লগতে পৰ্যটকৰ আমোদ প্ৰমোদৰ বাবে বাৰে ৰহনীয়া কৃষ্টি- সংস্কৃতিৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে। মেলা আৰম্ভ হোৱাৰে পৰা পর্যটক, অংশগ্রহণকাৰী, অতিথি আদিৰে জনাৰণ্যত পৰিণত হয়।

facebook twitter