Himanta Biswa speak about CAB in Silchar

10:32 AM Sep 24, 2019 | G Plus News

 ২৪ ছেপ্তেম্বৰ, গুৱাহাটী : “কেব গৃহীত হোৱাৰ পাছতেই সম্পূৰ্ণ হ’ব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম।” কালি কাছাৰ জিলা বিজেপিয়ে সোমবাৰে শিলচৰত আয়োজন কৰা জন জাগৰণ সভাত ভাষণ দি ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। বৰাকবাসীক উদ্দেশ্যি মন্ত্ৰী গৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ কোনেও চিন্তিত হ’ব নালাগে। 

উল্লখ্যে যে শেহতীয়াকৈ প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত ১৯ লাখ লোকৰ নাম বাদ পৰাৰ পিচত আতংকিত হৈ পৰে ৰাজ্যখনৰ নাম বাদ পৰা লোকসকল। বিশেষকৈ বৰাক উপত্যকাৰ কেইবা লাখ হিন্দু লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰাৰ পিছত আতংকিত লোক সকলৰ ভবিষ্যতক লৈ শংকিত হৈছে লোকসকল। এই সন্দৰ্ভত বিপাঙত পৰা বৰাক বিজেপিৰ নেতৃত্বইও হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতে আশাবাদী। 

{{uhEPCQjDXUc8dZVvJBuY}} 

মন্ত্ৰীজনে  ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু কেবৰ সন্দৰ্ভত এই মন্তব্য কৰি কয় যে শেহতীয়াকৈ যিহেতু জম্মু- কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা বাতিল হৈছে । অহা নৱেম্বৰত কেব দেশজুৰি গৃহীত হ’ব বুলি হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে। লগতে ‘ডি’ ভোটাৰসকলৰ বাবে ৰাজ্যৰ কেবা স্থানত ডিটেনশ্যন শিবিৰ স্হাপন কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে।