Had once told finance minister to sack RBI governor: Nitin Gadkari

12:58 PM Aug 12, 2019 | G Plus Digital Desk

১২ আগষ্ট, গুৱাহাটী - ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গৱৰ্ণৰে যদি নিজে পদ নেৰে তেন্তে তেওঁক বৰ্খাস্ত কৰি উলিয়াই দিব লাগে। - এই ভাষ্য আছিল বিজেপিৰ জ্যেষ্ঠ নেতা তথা আৰ এছ এছৰ সুহৃদ নীতিন গাডকাৰীৰ। নীতিন গাডকাৰীয়ে ৰবিবাৰে নাগপুৰত কয় যে তদানীন্তন বিত্তমন্ত্ৰীক তেওঁ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰক অপসাৰণ কৰাৰ বাবে কৈছিল। অৱশ্যে বিত্তমন্ত্ৰী আৰু গৱৰ্ণৰগৰাকীৰ নাম উল্লেখ নকৰিলে গাডকাৰীয়ে। 

কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে ৰবিবাৰে এই কথা উল্লেখ কৰি এই কথা বুজোৱাৰ প্ৰয়াস কৰে যে আমোলাসকলৰ মইমতালিৰ বাবেই দেশৰ ব্যৱসায় বাণিজ্যৰ বিকাশ বাধাগ্ৰস্থ হয়। অৱশ্যে বৰ্তমানৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ প্ৰসংশাও কৰে আৰু কয় যে তেওঁৰ পৰা যথেষ্ট যোগাত্মক চিন্তাধাৰা আশা কৰিব পাৰি। 

গাডকাৰীয়ে নাগপুৰত আয়োজিত এক অনুষ্ঠানত কয় যে তেওঁ হেনো সেইসময়ৰ বিত্তমন্ত্ৰীগৰাকীক কৈছিল যে আৰবিআইৰ গৱৰ্ণৰগৰাকী 'किसी काम के नहीं हैं और उन्हें सीधे हटा देना चाहिए!’ (একো কামৰ নহয় আৰু তেওঁক আঁতৰাব লাগে)।' অৱশ্যে এনডিএ চৰকাৰৰ সময়ছোৱাত অৰ্থাৎ প্ৰথমটো কাৰ্যকালত অৰুণ জেটলী আৰু পীয়ুষ গোৱেল বিত্তমন্ত্ৰী হিচাপে দায়িত্বত আছিল।

আৰু এইখিনি সময়তেই ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গৱৰ্ণৰ হিচাপে দায়িত্ব চম্ভালি আছিল ৰঘুৰাম ৰাজন আৰু উৰ্জিত পেটেলে। ইয়াৰে ৰাজনে দ্বিতীয়টো কাৰ্যকাল লাভ নকৰাৰ বিপৰীতে উৰ্জেত পেটেলে নিজ কাৰ্যকাল শেষ নকৰাকৈয়েই ইস্তাফা দিছিল। 

গাডকাৰীয়ে কয়, ‘মই গৱৰ্ণৰক বুজিবলৈ যথেষ্ট চেষ্টা কৰিলো, কিন্তু বিফল হলো। পিছত বিত্তমন্ত্ৰীয়ে মোক ক’লে যে গৱৰ্ণৰে পদৰ পৰা ইস্তাফা দিয়াৰ ভাবুকি দিয়ে যদিও পদ নেৰে। তেতিয়াই মই কৈছিলো যে তেওঁ যদি পদ নেৰে তেন্তে তেওঁক বাহিৰ কৰি দিয়ক। তেওঁ একো কামৰ মানুহ নহয়।”

এনে পৰিস্থিতিত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ পদো যে নাগপুৰৰ পৰাই পৰিচালিত হয় সেয়া স্পষ্ট হৈ পৰিল।