Guwahati University anfd Cotton University students protests whole night

05:47 AM Dec 11, 2019 | G Plus News

১১ ডিচেম্বৰ, গুৱাহাটী : পুনৰ ইতিহাস দোহাৰিছে ৰাজ্যৰ ছাত্ৰ সমাজে। কেব বিৰোধী প্ৰতিবাদেৰে ওৰে নিশা ৰাজপথত উজাগৰে কটালে গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।  

জাতিৰ এই সন্ধিক্ষণত জাতিৰ অস্তিত্ব , ভাষাৰ বাবে মহানগৰীৰ ৰাজপথত ওৰে নিশা প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰসমাজে। প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে ৰাজপথলৈ ওলাই আহি “জয় আই অসম”, “দেশ বুলিলে নালাগে আদেশ”, আমি কেব নামানো”, “কেব বাতিল কৰক” ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে।

উল্লেখযোগ্য যে ছাত্ৰসমাজৰ প্ৰতিবাদক সমৰ্থন জনাই গুৱাহাটী বিশ্ববিদ্যালয় , কটন বিশ্ববিদ্যালয়ৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আজি অনুষ্ঠিত  হ’বলগীয়া পৰীক্ষাসমূহ স্থগিত কৰে।