Govt hikes dearness allowance by 5% for employees & pensioners

09:39 AM Oct 23, 2019 | G Plus News

২৩ অক্টোবৰ, গুৱাহাটী : কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰেও ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানচ চলিত ১২ শতাংশৰ পৰা ১৭ শতাংশলৈ বৃদ্ধি কৰিছে। বিগত ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱা বৃদ্ধ পেঞ্চনধাৰীসকলৰ ক্ষেত্ৰতো মৰগীয়া বানচ বৃদ্ধি কৰা হ’ব। 

প্ৰাপ্ত তথ্যমতে প্ৰথম চাৰি মাহৰ  মৰগীয়া বানচৰ ধন বকেয়া হিচাপে আৰু নৱেম্বৰ মাহত পাবলগীয়া অক্টোবৰ মাহৰ দৰমহাৰ লগত বৰ্ধিত মৰগীয়া বানচ আদায় পাব ৰাজ্যিক কৰ্মচাৰীসকলে।