+

Former Mahmara MLA Sarat Saikia Passes Away

১ আগষ্ট, গুৱাহাটী : মাহমৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক শৰৎ শইকীয়াৰ দেহাৱসান ৷ কলিকতাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন বিধায়কজন৷ 
কিছুদিন পূৰ্বে শৰৎ শইকীয়াৰ বৃক্ক সংৰোপন কৰা হৈছিল৷

বহুদিনৰপৰা বৃক্ক ৰোগত আক্ৰান্ত হৈ থকা বিধায়কজনক  ২০ মাৰ্চত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ শৰৎ শইকীয়া ২০০১, ২০০৬ আৰু ২০১১ চনত একেৰাহে তিনিটা কাৰ্যকাল কংগ্ৰেছ দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৷ শিক্ষা বিভাগৰ সংসদীয় সচিবৰ দায়িত্বতো আছিল প্ৰাক্তন বিধায়কজন ৷

উল্লেখ্য যে বিগত ২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত শইকীয়াই যোৰহাটত বিজেপি দলত যোগদান কৰিছিল। প্ৰাক্তন বিধায়কগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭১ বছৰ।

facebook twitter