+

forest officer arrested smuggler with a tortoise

১১ ছেপ্তেম্বৰ, গুৱাহাটী : ৰাজ্যজুৰি চৰকাৰে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছতো এচাম লোকৰ গা লৰা নাই।  আজি বিশ্বনাথ চাৰিআলিত বন্যপ্ৰাণী সংমণ্ডলৰ নাগশংকৰস্থিত পশ্চিম  বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়াই ডেৰ কিলোগ্ৰাম ওজনৰ কাছ সহ এজন ব্যক্তি আটক কৰিবলৈ সক্ষম হয়।

{{4CSF_UaoTFkjY5BY3FzZ}}


এক গোপন সূত্ৰৰ পম খেদি উক্ত বনবিভাগৰ দলটোৱে অভিযান চলাই কাছসহ লোকজনক কৰায়ত্ত কৰে। সম্প্ৰতি কাছ লুপ্তপ্ৰায় বন্যজীৱৰ তালিকাৰ পথত। চৰকাৰ তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বন্যজীৱ সংৰক্ষণৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি আহিছে।

facebook twitter