First Assamese bollywood script writer Rajdweep Dey 

06:07 AM Oct 22, 2019 | G Plus News

২২ অক্টোবৰ, গুৱাহাটী : ৰাজ্যখনলৈ সু-খবৰ কঢ়িয়াই আনিছে অসম সন্তান ৰাজদ্বীপ দে’য়ে। আনুষ্ঠানিকভাৱে বলীউডত খোজ পেলালে অসমৰ প্ৰথমগৰাকী কাহিনী-চিত্ৰনাট্যকাৰ ৰাজদ্বীপে। ৰাজ্যখনৰ জনপ্ৰিয় যুৱ নাট্যকাৰ, গীতিকাৰ, সাংবাদিক তথা চিত্ৰনাট্যকাৰ ৰাজদ্বীপে মায়ানগৰী মুম্বাইত আনুষ্ঠানিকভাৱে বলীউডৰ এখন ছবিৰ বাবে চুক্তিপত্ৰত স্বাক্ষৰ কৰে।

 আজিৰ পৰা ৰাজদ্বীপৰ কাহিনী-চিত্ৰনাট্যৰে বলীউডত আনুষ্ঠানিকভাৱে  ছবি নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজদ্বীপৰ পূৰ্বে আন কোনো অসমৰ চিত্ৰনাট্যকাৰে বলিউডৰ ছবিত কাম কৰাৰ সফলতা অৰ্জন কৰিব পৰা নাছিল। বিশিষ্ট চিত্ৰনিৰ্মাতা জাহ্নু বৰুৱাই নিজৰ পৰিচালিত বলীউডী ছবিৰ চিত্ৰনাট্য লিখিছে যদিও চিত্ৰনাট্যকাৰ হিচাপে বলীউডত আত্মপ্ৰকাশ কৰা ৰাজদ্বীপ হৈছে প্ৰথমগৰাকী অসম সন্তান। 

 ইয়াৰ পূৰ্বেও বলীউডৰ ছবিত কাম কৰা প্ৰথমগৰাকী অসমৰ গীতিকাৰ হিচাপে ৰাজদ্বীপে কংকনা সেনশৰ্মা পৰিচালিত 'এ ডেথ ইন দ্য গাঞ্জ', অনুৰাগ বসু পৰিচালিত 'জগ্গা জাছুছ'ৰ দৰে ছবিত গীত লিখি ইতিমধ্যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ চিনাকী দিবলৈ সক্ষম হৈছে। ২০১৮ বৰ্ষত সৰ্বভাৰতীয় পৰ্যায়ত আয়োজিত ভাৰতৰ সৰ্ববৃহৎ চিত্ৰনাট্য প্ৰতিযোগিতাত দেশৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৪০০০ প্ৰতিযোগীক চেৰ পেলাই বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানৰ দ্বাৰা সন্মানিত হৈছিল অসমৰ সু-সন্তান ৰাজদ্বীপ। 

অসমীয়া ছবিজগতত অশোক কুমাৰ বিষয়া পৰিচালিত 'খেল-দ্য গেম' নামৰ ছবিখনেৰে চিত্ৰনাট্যকাৰ হিচাপে যাত্ৰা আৰম্ভ কৰিছিল ৰাজদ্বীপে । আগন্তুক বৰ্ষত ৰাজদ্বীপৰ চিত্ৰনাট্যৰে আহিবলগীয়া নতুন অসমীয়া ছবিখন হৈছে 'প্ৰতিঘাত'। 

বিগত বছৰসমূহত  'বলিয়া কৃষ্ণ', 'ব্ৰেকিং নিউজ', 'বাউলী মোৰ প্ৰিয়া', 'বনৰীয়া' আদিৰ দৰে বহুচৰ্চিত নাট ৰচনা কৰা ৰাজদ্বীপে চলিত নাট্যবৰ্ষতো 'বাহাদুৰ', 'বীৰাংগনা' আদি নাটকেৰে সফলতা অৰ্জন কৰিছে। বিগত নাট্যবৰ্ষত 'বন্দুকৰ কবিতা' শীৰ্ষক নাটখনৰ বাবে শ্ৰেষ্ঠ নাট্যকাৰৰ সন্মান লাভ কৰিছিল। 'ৰ'দ' নামৰ ছবিখনৰ 'পখী পখী মন মোৰ শীৰ্ষক গীতটো জৰিয়তে অসমীয়া ছবি জগতত গীতিকাৰ হিচাপে যাত্ৰা আৰম্ভ কৰা ৰাজদ্বীপে বিগত সময়ত 'বহ্নিমান', 'অহেতুক', 'ৰাগ', 'লোকেল কুংফু-২', 'ৰক্তবীজ', 'নিজানৰ গান', 'ৰাজা ৰোমিঅ', 'দূৰ' আদিকে ধৰি বহু ছবিৰ বাবে গীত ৰচনা কৰিছে।

 আনহাতে 'দুৰণিৰ নিৰলা পঁজা' ছবিৰ গীতৰ বাবে ৰাজদ্বীপে লাভ কৰিছিল শ্ৰেষ্ঠ গীতিকাৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা। এম টি ভিৰ বহুচৰ্চিত অনুষ্ঠান 'ডিৱাৰিষ্ট'ৰ 'মেমৰিজ' শীৰ্ষক জনপ্ৰিয় গীতটোৰো ৰচনা কৰিছিল ৰাজদ্বীপে। সফলতাৰ এই ধাৰা অব্যাহত ৰাখি আজি আন এক কৃতিত্বৰ অধিকাৰী হোৱা ৰাজদ্বীপৰ নতুন বলীউডৰ ছবিখনৰ বিষয়ে এতিয়া কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। শীঘ্ৰেই ছবিখনৰ পৰিচালক,শিল্পী, কলা-কুশলীকে আদি কৰি সবিশেষ তথ্য পোহৰলৈ আহিব।