Ferry service will be close due to Coronavirus

04:18 PM Mar 20, 2020 | G Plus News

২০ মাৰ্চ, গুৱাহাটীঃ ৰাজ্যজুৰি কৰ'না ভাইৰাছৰ আতংক। প্ৰাণঘাতক ভাইৰাছবিধৰ সংক্ৰমণ ৰোধিবলৈ উঠি পৰি লাগিছে ৰাজ্য চৰকাৰ।  

কৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সামাজিক ব্যৱধানৰ অংশ হিচাপে অহা ২১ মাৰ্চৰ পৰা মাজুলীলৈ ফেৰী-নাওঁ-জাহাজ আদি সকলো জল পৰিবহন বন্ধ কৰাাৰ ঘোষণা কৰিছে। 
কেৱল জৰুৰীকালীন সেৱাহে বাহাল থাকিব। চিকিৎসাজনিত প্ৰয়োজনত মাজুলীৰ বাসিন্দাই প্ৰশাসনৰ সৈতে যোগাযোগ কৰিব পাৰিব। 

আনহাতে যিসকল লোকে এই নিয়ম ভংগ কৰিব তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জাননীখনত উল্লেখ কৰে।