+

Elderly Couple Fights Machetes With Plastic Chairs, Wins Internet, Got Braverly Award from CM

১৬ আগষ্ট,গুৱাহাটী : শেহতীয়াকৈ ছচিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চা লাভ কৰিছিল এহাল বৃদ্ধ দম্পত্তিয়ে  অস্ত্ৰধাৰী ডকাইতক খেদি পঠিওৱাৰ এক ভিডিঅ। এই ভিডিঅ ভাইৰেল হোৱাৰ পাছতেই তামিলনাডুৰ মুখ্যমন্ত্ৰী কে পলানীস্বামীয়ে সাহসিকতাৰ পুৰস্কাৰ প্ৰদান কৰে।

কিছু দিনৰ পূৰ্বে ১১ আগষ্ট দেওবাৰে নিশা তামিলনাডুৰ তিৰুনেলৱেলীস্থিত এহাল বৃদ্ধ দম্পত্তিৰ ঘৰত ডকাইতি কৰিবলৈ প্ৰৱেশ কৰিছিল দুই অস্ত্ৰধাৰী ডকাইত। ডকাইতৰ দলটোৱে বৃদ্ধজনে ডিঙিত পিন্ধি থকা সোণৰ চেইনডাল টনা আজোৰা কৰোঁতে অতি সাহসিকতাৰে বৃদ্ধ দম্পত্তিহালে জোটা, চেন্দেল, প্লাষ্টিকৰ চকীৰে প্ৰহাৰ কৰি দলটো খেদি পঠিয়াই। ৭০ বছৰীয়া   শানমুগবেলু আৰু তেওঁৰ পত্নী চেন্তথামৰাই (৬৪) বাসগৃহত অকলে থকাৰ সুযোগ লৈ ডকাইতৰ দলটোৱে ঘৰত প্ৰৱেশ কৰিছিল। 
  
দম্পত্তিহালৰ সাহসিকতাক শলাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নগদ ২ লাখ টকা আৰু সোণৰ পদকেৰে বৃদ্ধ দম্পত্তিহালে প্ৰদৰ্শন কৰা সন্মানিত কৰে।

facebook twitter