+

Education Minister is a person with no study. - Ripun Bora

১৩ ফেব্ৰুৱাৰী, গুৱাহাটী : ‘বিজেপিয়ে সকলো অসাংবিধানিক কাম কৰি আছে। বিজেপিয়ে হিতলাৰী শাসনক সমৰ্থন কৰে। তেওলোকে স্বৈৰাচ্ছাৰী শাসন চলাইছে। তেওঁলোকে এনেও সংবিধানক সন্মান নকৰে।’আজি বিহালীৰ বেদেতিত অসম প্ৰদেশ কংগ্ৰেছ দলৰ ''জনজাগৰণ যাত্ৰা'' কাৰ্যসূচী তথা কা বিৰোধী প্ৰতিবাদী সভা অনুষ্ঠিত হয়৷ সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এই মন্তব্য প্ৰকাশ কৰে। 

লগতে ভাৰতীয় সংবিধানৰ ২৮ নং আৰু ৩০ নং অনুচ্ছেদ উলঙ্ঘা কৰি অগনতান্ত্ৰিকভাৱে ৰাজ্য টোল আৰু মাদ্ৰাছা সমুহ বন্ধ কৰা ঘোষণা কাৰ্যকৰী কৰিলে বিধান সভাত তীব্ৰ বিৰুধিতা কৰাৰ লগতে আদালত এই নীতিৰ বিৰূদ্ধে গোচৰ তৰা হ'ব বুলি সকিয়নী দিয়ে সভাপতিগৰাকীয়ে। কালি সংবাদমাধ্যমৰ এক মন্তব্যত শিক্ষামন্ত্ৰী ড•হিমন্তবিশ্ব শৰ্মাই মাদ্ৰাছা আৰু সংস্কৃত টোল সমুহ বন্ধ কৰাৰ কথা ঘোষণাৰ কৰে।

বৰাই কয়-‘ড•হিমন্তবিশ্ব শৰ্ম্মাই ৰাজ্যৰ শিক্ষা ব্যৱস্থা সম্পৰ্কে অধ্যয়ন কৰা নাই । বিজেপি চৰকাৰে আঁচনি ঘোষণা কৰে কিন্তু ৰূপায়ন নকৰে ৷’

সিফালে,বৰ্তমান সময়তো ৰাজ্যৰ অস্তিত্ব ৰক্ষাৰ যুঁজ তথা কা বিৰোধী দল সংগঠন সমুহ বহুধা বিভক্ত হৈ আছে ৷ জাতিৰ বৃহত্তৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত সকলো কা  বিৰোধী   শক্তি একত্ৰিত হোৱাৰ পোষকতা কৰে ৰিপুন বৰাই ।

facebook twitter