Dumper driver arrested in Golaghat

08:02 AM Sep 27, 2019 | G Plus News

২৭ ছেপ্তেম্বৰ, গুৱাহাটী : গোলাঘাটৰ ভয়ংকৰ দুৰ্ঘটনাৰ ডাম্পাৰ চালকক গ্ৰেপ্তাৰ। বুধবাৰে নিশা গোলাঘাটৰ মৰঙীসাৰ গাৱঁত ডাম্পাৰ আৰু এখন ছুম’ৰ মাজত হোৱা সংঘৰ্ষত ভষ্মীভূত হৈছিল ৩ জন চোৰাং আবকাৰী বিষয়া। 

আজি ৰাতিপুৱা গোলাঘাট আৰক্ষীয়ে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ চালক সমীৰ গড়ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দৈগ্ৰোঙৰ নিজা বাসগৃহৰ পৰা ডাম্পাৰ চালকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত চালকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। 

{{uhEPCQjDXUc8dZVvJBuY}}

উল্লেখযোগ্য যে এই দুৰ্ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলিও অভিযোগ উত্থাপন কৰিছিল একাংশ লোকে।