Dr. Bhupen Hazarika's statue to be unveiled at Assam Arunachal Pradesh Border on 9th Sep

11:50 AM Aug 09, 2019 | G Plus Digital Desk

৯ আগষ্ট, গুৱাহাটী : সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ জন্মদিন ৮ চেপ্তেম্বৰত অসম-অৰুণাচল প্ৰদেশৰ সীমান্তত মহান মনীষী গৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ’ব।অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল জয়ৰামপুৰত  সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ নামেৰে নামাকৰণ কৰী হৈছে। ইতিমধ্যে হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপনৰ যো-জা আগবাঢ়িছে।  

স্থানীয় শিল্পী লোহিত গগৈ, অৰুণাচলৰ নামপুং সমষ্টিৰ প্ৰাক্তন বিধায়িকা কমলি মচাং, জয়ৰামপুৰৰ আৰ কে এম এম ছচাইটিৰ সম্পাদক অৰূপ চৌধুৰী, ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ সভাপতি মনিষ লিম্বুৰ নেতৃত্বত এই মহান কাৰ্যসূচীৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশ দুয়োখন ৰাজ্যই সহায়ৰ হাত আগবঢ়াইছে। মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, অৰুণাচল প্ৰদেশৰ নামপুং সমষ্টিৰ বিধায়ক লাইচাম চিমাইয়ো এই পদক্ষেপত সহযোগিতা কৰিছে।

শিল্পী লোহিত গগৈয়ে জানিবলৈ দিয়া মতে এই প্ৰতিমূৰ্তি স্থাপনে ভৈয়ামৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মহামিলনৰ প্ৰয়াসেৰে এক ব্যতিক্ৰমী অনুষ্ঠান ৰূপায়িত কৰা হব বুলি জানিব দিয়ে।