+

Disturbed Area tag Under AFSPA in Assam extended for another six months

১৮ মার্চ, গুৱাহাটী -  সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন, ১৯৫৮ ৰ অধীনত ৰাজ্য চৰকাৰে অসমক পুনৰ অশান্ত জৰ্জৰ অঞ্চল হিচাপে ঘোষণা কৰিছে। ৰাজ্যৰ সাম্প্ৰতিক আইন শৃংখলা পৰিস্থিতিৰ সুযোগ লৈ উগ্ৰবাদী সংগঠনবোৰে ৰাজ্যৰ যুৱক যুৱতীক পুনৰ মূলসুঁতিৰ পৰা আঁতৰাই লৈ গৈ সামগ্ৰিক পৰিস্থিতি অশান্ত কৰি তোলাৰ চেষ্টা কৰাৰ সম্ভাৱনীয়তা ব্যক্ত কৰিছে ৰাজ্য চৰকাৰে। সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত ৰাজ্য চৰকাৰে মঙলবাৰে এই ঘোষণা কৰে৷

উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যখনৰ কেইবাটাও সশস্ত্র উগ্রপন্থী সংগঠন মূলসুঁতিলৈ ঘূৰি আহিছে যদিও নাগৰিকত্ব সংশোধনী আইনক লৈ সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে এই সদ্ধান্ত গ্রহণ কৰে৷

facebook twitter