+

Director of Meghdoot bhawan slams Paramananda Rajbonshi

৫ ছেপ্তেম্বৰ, গুৱাহাটী : অসম সাহিত্য সভাৰ সভাপতিক অপমান কৰি বিতৰ্কত মেঘদূত ভৱনত কৰ্মৰত বহিঃ ৰাজ্যৰ সঞ্চালক। বুধবাৰে পৰমানন্দ ৰাজবংশী আৰু সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃত্বৰ এটা দলে মেঘদূত ভৱনৰ সঞ্চালক কে কেবিচুসাৰক সাক্ষাৎৰ বাবে মেঘদূত ভৱনলৈ গৈছিল। তেনেতে সঞ্চালক গৰাকীয়ে পৰমানন্দ ৰাজবংশীসহ দলটোক ‘গেট আউট’ বুলি কৈ চূড়ান্তভাৱে অপমান কৰে।   

উল্লেখ্য যে ভাৰতীয় ডাক বিভাগে  কেৱল অসমৰ বাবে প্ৰায় ৯ শতাধিকতকৈ অধিক পদৰ বাবে আগষ্ট মাহত এক বিজ্ঞাপন প্ৰকাশ কৰিছিল। কিন্তু বিভাগটোৱে অসমীয়া ভাষাক অৱজ্ঞা কৰি অসমৰ বৰাক উপত্যকাৰ বাবে বাংলা ভাষা আৰু বি টি এ ডিৰ বাবে কেৱল বড়ো ভাষাতহে সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব বুলি বিজ্ঞাপন প্ৰকাশ কৰে। 

{{4CSF_UaoTFkjY5BY3FzZ}}


ফলত বৰাক উপত্যকাত থকা অসমীয়া ভাষী লোকসকল আৰু বি টি এ ডিত থকা অনাবড়ো লোকসকলৰ মাজত এই ঘোষণাই ব্যাপক চর্চা লাভ কৰে।সেয়েহে এই বিষয় সন্দৰ্ভত বি টি এ ডি আৰু বৰাক উপত্যকাত অসমীয়া ভাষা প্ৰয়োগ কৰাৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰিব গৈছিল দলটোৱে।  কিন্তু বিষয়টো অৱগত কৰিবলৈ নাপাওঁতেই  সঞ্চালক গৰাকীয়ে অন্য কামত ব্যস্ত থকা বুলি কৈ ৰাজবংশীসহ দলটোক অপমান কৰি ওলায় যাবলৈ কয়। 


একমাত্ৰ শতবৰ্ষ গৰকা জাতীয় সংগঠন অসম সাহিত্য সভাৰ দলটোক কৰা সঞ্চালকগৰাকীৰ তেনে দুৰ্ব্যৱহাৰত দলটো ক্ষুব্ধ হৈ বিষয়াগৰাকীক কাৰ্যালয়ত বহু সময়লৈ আবদ্ধ কৰি ৰাখে আৰু লগে লগেই সংবাদমাধ্যমক খবৰ দিয়ে। সঞ্চালকজনে পাছত নিজৰ ভূল স্বীকাৰ কৰি অসম সাহিত্য সভাৰ সভাপতিজনক ৰাজহুৱা ভাৱে  ক্ষমা খুজে। 

facebook twitter