+

Delhi high court judgement  against  rapers 

১৮ নৱেম্বৰ, গুৱাহাটী : দেশত ক্ৰমাৎ বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ। NCRB ২০১৭ ৰ তথ্য অনুসৰি  বিগত বৰ্ষতকৈ এই দুই বছৰত দেশত প্ৰায় ৩.৫ লাখ নাৰীজনিত অপৰাধৰ বাবে গোচৰ ৰুজু কৰা হৈছে। কিছু দিনৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে ধৰ্ষণৰ দৰে জঘন্য অপৰাধৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। 

এই ৰায় অনুসৰি ধৰ্ষণৰ ভুক্তভোগীক  ধৰ্ষিতাক বিবাহ কৰোৱা স্বত্বেও ধৰ্ষণকাৰী গোচৰৰ পৰা মুক্ত নহ’ব। বিবাহৰ পাছতো ধৰ্ষণকাৰী বিৰুদ্ধে গোচৰ চলি থাকিব। আনহাতে NCRB ২০১৭ ৰ তথ্য অনুসৰি  বিগত বছৰত মুঠ ৩২,৫৫৯ টাকৈ এনেধৰণৰ গোচৰৰ ৰুজু কৰা হৈছে।

আনহাতে এই ঘটনাসমূহৰ প্ৰায় এক তৃতীয়াংশ ঘটনাই চিনাকী বন্ধু , অনলাইন বন্ধুত্ব, অথবা প্ৰেমিকে সংঘটিত কৰাৰ ঘটনা পোহৰলৈ আহিছে।   

facebook twitter