Delhi communal riots rose to 38, detained over 400

05:40 AM Feb 28, 2020 | G Plus News

২৮ ফেব্ৰুৱাৰী, গুৱাহাটী : ক্ৰমাৎ নিয়ন্ত্ৰণত দিল্লীৰ হিংসাত্মক পৰিস্থিতি। বিগত ২৩ ফেব্ৰুৱাৰীৰ পৰা উত্তৰ-পূব দিল্লীত হৈ থকা উত্তপ্ত পৰিস্থিতিত নিহত হোৱা লোকৰ সংখ্যা ৩৮ জনলৈ বৃদ্ধি পাইছে। আনহাতে আহত হোৱা লোকৰ সংখ্যা ৩৬৪ গৰাকী। 

জিটিবি হাস্পতালত ৩৪ জন আৰু এল এন জে পি হাস্পতালত ৩ জন নিহত হোৱাৰ তথ্য প্ৰকাশ কৰে। 

এই ঘটনাৰ লগত জড়িত থকা প্ৰায় ৪০০ জন লোকক দিল্লী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা মতে হিংসাত্মক ঘটনাৰ বিৰুদ্ধে ৪৮ খন এজাহাৰৰ দাখিল কৰা হৈছে। দিল্লী চৰকাৰে এই ঘটনাৰ তদন্তৰ সম্পূৰ্ণ দায়িত্ব বিশেষ অনুসন্ধান শাখাক অৰ্পন কৰিছে।

আনহাতে দিল্লীৰ জনজীৱন শান্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে শুক্ৰবাৰে ১০ ঘণ্টাৰ কাৰণে ১৪৪ ধাৰা শিথিল কৰাৰ ঘোষণা কৰে।