Delhi Assembly Speaker Ram Niwas Goel convicted in 2015 rioting case

06:07 AM Oct 19, 2019 | G Plus News

১৯ অক্টোবৰ, গুৱাহাটী : দিল্লীৰ বিধানসভাৰ অধ্যক্ষ ৰামনিবাস গোৱেলক ছমাহৰ কাৰাদণ্ড। ২০১৫ চনত পূব দিল্লীৰ মনীষ ঘাই নামৰ এজন ব্যৱসায়ীৰ ঘৰত প্ৰৱেশ কৰি হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰাৰ লগতে ক্ষতিসাধন কৰাৰ অপৰাধত অধ্যাক্ষজনক ছমাহৰ কাৰাদণ্ড বিহে । 

ইয়াৰ পাছতে ব্যৱসায়ীজনৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি ৪৪৮ ধাৰাৰ অধীনত যোৱা সপ্তাহত আদালতে তেওঁক দোষী সাব্যস্ত কৰিছিল। আদালতে গোৱালৰ লগতে চাৰিজন লোককো ছমাহলৈ কাৰাদণ্ড বিহে।