Cricket May Get Olympic Debut In 2028

01:01 PM Aug 13, 2019 | G Plus Digital Desk

১৩ আগষ্ট, স্প’ৰ্টছ ডেস্ক - প্ৰথমবাৰৰ বাবে অলিম্পিকত অন্তৰ্ভুক্ত হ’ব পাৰে ক্ৰিকেট। ২০২৮ চনত লছ এঞ্জেলছত অনুষ্ঠিত হ’ব লগা অলিম্পিকৰ বাবে ইতিমধ্যেই আৰম্ভ হৈছে প্ৰস্তুতি। বিশ্বৰ এই বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাত ক্ৰিকেট অন্তৰ্ভুক্ত কৰাৰ বাবে আইচিচিয়ে পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে শীৰ্ষ পৰ্যায়ত আলোচনা বহু দূৰ আগবঢ়াৰ কতা জানিব পৰা গৈছে। সোমবাৰে মেৰিলিব’ন ক্ৰিকেট ক্লাৱৰ বিষয়ববীয়াক এই কথা জনাইছে আইচিচিয়ে। ক্লাৱটোৰ অধ্যক্ষ তথা ইংলেণ্ডৰ প্ৰাক্তন তাৰকা মাইক গেটিঙে কয়, “আমি এই অনবদ্য ক্ষণৰ প্ৰতীক্ষাত।”

উল্লেখ্য যে দীৰ্ঘদিন ধৰি অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভুক্তিৰ দাবী উত্থাপন হৈ আহিছিল। ইংলেণ্ডৰ প্ৰাক্তন বেটছমেন মাইক গেটিঙে লগতে কয় যে আইচিচিৰ নতুম মুখ্য কাৰ্যবাহী বিষয়া মনু ছাহনীয়ে এমচিচি ক্ৰিকেট কমিটিক জনাইছে যে বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতাত ক্ৰিকেটৰ অন্তৰ্ভুক্ত সুনিশ্চিত কৰাৰ বাবে সমগ্ৰ প্ৰক্ৰিয়া সুন্দৰভাৱে আগবাঢ়িছে।

তেওঁ কয়, “আমি আই চি চিৰ মুখ্য কাৰ্যবাহী বিষয়া মনু ছাহনীৰ সৈতে ধাৰাবাহিকভাৱে কথা হৈছো আৰু তেওঁ অতি আশাবাদী যে আমি ২০২৮ চনৰ অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ম।" 

উল্লেখ্য যে ইতিমধ্যেই কিম্বদন্তী ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰেও অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত কৰিব লাগে বুলি দাবী জনাইছে। আনফালে ২০২২ চনৰ কমনৱেল্থ গেমছত মহিলা ক্ৰিকেট অন্তৰ্ভুক্ত কৰা হৈছে।