cottonians protest against CAA 

09:52 AM Jan 03, 2020 | G Plus News

৩ ডিচেম্বৰ, গুৱাহাটী : ডিঙিত গামোছা আৰু ক’লা বেজ পিন্ধি পৰিধান কৰি অভিনৱ আন্দোলন কটনিয়ানৰ। আজি ছাত্ৰ-ছাত্ৰীসকলে ব্যতিক্ৰমী ৰূপেৰে জাতিধ্বংসী আইনখনৰ বিৰোধিতা কৰি পৰীক্ষা দিবলৈ বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰে। 

পূৰ্বৰে পৰা সংশোধিত নাগৰিকত্ব আইনখনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন অব্যাহত ৰাখিছে কটনিয়ানে। কোনোপধ্যেই এই জাতিধ্বংসী আইনখন প্ৰণয়ন হ’ব নিদিয়ে ছাত্ৰসমাজে। 

বিগত কেবাদিনত নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত বিশ্ববিদ্যালয়সমূহৰ পৰীক্ষসমূহ বাতিল কৰি দিয়া হৈছিল।