+

Coronavirus in India Mortality rate 75 of the dead over 60 years

গুৱাহাটী - ভাৰতত এইপর্যন্ত কৰোনা ভাইৰাছত সামগ্রিক মৃত্যুৰ হাৰ হৈছে ৩.৩ শতাংশ। ইয়াৰ ভিতৰত ৭৫.৩ শতাংশই হৈছে ষাঠী বছৰৰ উৰ্ধ্বৰ লোক। উল্লেখ্য যে মৃত লোকসকলৰ ৮৩ শতাংশই ক্রনিক ৰোগত আক্ৰান্ত আছিল। স্বাস্থ্য মন্ত্ৰালয়ৰ এক প্ৰতিবেদনত প্রকাশ পাইছে যে মৃত লোকসকলৰ ৪২.২ শতাংশই ৭৫ বছৰৰ উৰ্ধ্বৰ। ইয়াৰ ভিতৰত ৬০-৭৫ বছৰ বয়সীয়া প্রায় ৩৩.১ শতাংশ লোকৰ মৃত্যু হৈছে। ৪৫-৬০ বছৰ বয়সীয়া কৰোনা আক্ৰান্তৰ মৃতৰ সংখ্যা প্রায় ১০.৩ শতাংশ। ১৪.৪ শতাংশ মৃতকৰ বয়স ৪৫ বছৰতকৈ কম।

ক'ৰোনাৰ ব্যাপক আগ্ৰাসনত দেশত ক্রমাত্ উদ্বেগ বাঢ়িছে দেশত। ভাৰতত ক'ৰোনা আক্রান্তৰ সংখ্যাই ১৫ হাজাৰ অতিক্ৰম কৰিছে। অলপতে এক সংবাদমেলত স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লৱ আগৰৱালে লগতে জনাইছে যে এতিয়াও ২১.৮ শতাংশই ক'ৰোনা আক্রান্তই তবলিঘী জামাতত যোগদান কৰাৰ তথ্য পোৱা গৈছে।

অৱশ্যে ইয়াৰ মাজতো স্বস্তিৰ বিষয়টো হৈছে লকডাউনৰ ফলত ক'ৰোনা আক্রান্তৰ সংখ্যা ক্ৰমাত্ হ্ৰাস পাইছে। পাটনা, নদিয়া, পানীপথৰ পৰা আৰু কোনো ধৰণৰ নতুন আক্রান্তৰ খবৰ পোৱা নাই। বিগত ১৪ টা দিনত ১২ ৰাজ্যৰ ২২ খন জিলা আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ পৰা কোনো পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা নাই।

facebook twitter