+

Child missing in Gangia River Kokrajhar

২৫ নৱেম্বৰ, গুৱাহাটী: কোকৰাঝাৰ জিলাৰ ফকীৰগ্রাম আৰক্ষী চকীৰ অন্তৰ্গত নয়াচাৰা গাঁৱত অঘটন।গাঁওখনৰ কাষেদি বৈ যোৱা গঙ্গীয়া নৈত যোৱা ২৩ নৱেম্বৰ, শণিবাৰে আবেলি প্ৰায় ৪ মান বজাত  চাৰি বছৰীয় কণমানি শিশু এটা নৈৰ পানীত পৰে।

জানিব পৰা মতে গাঁওখনৰ স্থানীয় বাসিন্দা আবুল কালামৰ পত্নী শিশুটোক লৈ নৈখনৰ কাষত জাক দিয়া মৰাপাট ধুবলৈ গৈছিল। যথাসময়ত শিশুটো উক্ত নৈৰ কাষত খেলি থাকোঁতে পানীত পৰে। লগে লগে  মাতৃ গৰাকীয়ে শিশুটোক উদ্ধাৰ কৰিবলৈ যাওঁতে নিজেও পানীৰ সোঁতত উটি যায়। 

ঘটনা প্ৰত্যক্ষ কৰি ১৩ বছৰীয়া এগৰাকী যুৱতী পানীত জাঁপ দি মাতৃগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও দুৰ্ভাগ্যৱশতঃ শিশুটোক উদ্ধাৰ কৰিবলৈ সক্ষম নহয়। পৰৱৰ্তী সময়ত স্থানীয় লোকে চিথিলা আৰক্ষীৰ সহযোগত SDRF বাহিনীক খবৰ দিয়ে। কিন্তু এতিয়ালৈকে কণমানি শিশুটোৰ কোনোধৰণৰ শূং-সূত্ৰ পোৱা নাই। 

facebook twitter