+

CBI raids Northeast Frontier Railway headquarters

গুৱাহাটী - কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআইৰ বিষয়াৰ দলে বুধবাৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেত সংঘটিত কোটিটকীয়া বিত্তীয় অনিয়মৰ তথ্য বিচাৰি গুৱাহাটীৰ মালিগাঁওস্থিত মুখ্য কাৰ্যালয়ত অভিযান চলায়। সুনীল কুমাৰ নামৰ আই আৰ পি এছ বিষয়াজনে সংঘটিত কৰা বিত্তীয় অনিয়ম সন্দৰ্ভত চিবিআইৰ দলটোৱে তালাচী চলায় । চিবিআইৰ এক সূত্ৰত জনোৱা তথ্য মতে লামডিং শাখাত বিত্ত প্রবন্ধক হিচাপে কার্যনির্বাহ কৰি থকা সময়ত সুনীল কুমাৰে বিত্তীয় অনিয়ম সংঘটিত কৰিছিল৷

আইআৰপিএছ বিষয়া কুমাৰে ৫.১৩ কোটিৰ অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ এই সন্দর্ভত বিষয়াগৰাকীৰ বিৰুদ্ধে চিবিআয়ে আৰ চি ১২/১৯ নম্বৰৰ এটা গোচৰ ৰুজু কৰে৷ এই গোচৰ সন্দর্ভত চিবিআইৰ দলে মালিগাঁৱৰ কার্যালয়ত তথ্য বিচাৰি অভিযান চলায়৷ মালিগাঁৱৰ কার্যালয়ত তালাচী চলাই কেতবোৰ নথিপত্র জব্দ কৰে৷ ইফালে একেটা গোচৰত চিবিআইৰ এটা দলে লামডিং মাণ্ডলিক কার্যালয়ৰ অৱসৰপ্রাপ্ত কর্মচাৰী সঞ্জয় চক্রৱর্তীৰ বাসগৃহতো তালাচী চলাই তেওঁৰ পৰা কেতবোৰ নথিপত্র জব্দ কৰে৷

চিবিআইৰ সূত্রটোৱে জনোৱা মতে লামডিং মাণ্ডলিক কার্যালয়ত বিত্ত প্রবন্ধক হিচাপে কার্যনির্বাহ কৰি থকাৰ সময়ত সুনীল কুমাৰ আৰু সঞ্জয় চক্রৱর্তীয়ে অতি কৌশলেৰে ভুৱা বিলৰ জৰিয়তে মুঠ ৫.১৩ কোটি টকা এক্সিছ বেংকৰ জৰিয়তে পত্নী আৰু নিজৰ আত্মীয়ৰ একাউণ্টত জমা কৰিছিল৷ এই সন্দর্ভত তথ্য বিচাৰি চিবিআইৰ দলে পৃথকে পৃথকে অভিযান চলায়৷ ইফালে একে সময়তে তথ্য বিচাৰি চিবিআইৰ দলে পৃথকে পৃথকে বিহাৰ, তামিলনাডু আৰু ঝাৰখণ্ডতো অভিযান চলায়৷

facebook twitter