+

Bulbul can Sing will released tomorrow

১৯ ছেপ্তেম্বৰ, গুৱাহাটী : কাইলৈ অৰ্থাৎ ২০ ছেপ্টেম্বৰ, শুকুৰবাৰে অসমৰ বিভিন্ন ছবিগৃহত মুক্তি লাভ কৰিব ৰীমা দাসৰ উচ্চ-প্ৰসংশিত চলচ্চিত্ৰ ‘বুলবুল কেন ছিং’। আনহাতে অহা ২৭ ছেপ্টেম্বৰৰ পৰা দেশৰ পিভিআৰসমূহতো ছবিখন মুক্তি পাব। উল্লেখযোগ্য যে বিগত ৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বুলবুল কেন ছিঙে অসমীয়া ভাষাৰ চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ কৰিছিল। বুলবুল কেন ছিং পৰিচালক ৰীমা দাসৰ তৃতীয় চলচ্চিত্ৰ।এই চলচ্চিত্ৰ খনে তেওঁৰ দ্বিতীয় চলচ্চিত্ৰ ভিলেজ ৰকষ্টাৰ্ছৰ দৰে ২০১৮ চনৰ টৰেণ্ট' আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মুক্তি লাভ কৰিছিল।

বোলছবিখনত তিনি গৰাকী কৈশোৰৰ লৈংগীক পৰিচয়ৰ লগত মুখামুখি আৰু তাৰ ফলত হোৱা সংঘাতক দেখুৱাবলৈ চেষ্টা কৰা হৈছে। ছবিখনৰ মূল কাহিনীভাগ বুলবুল আৰু তাইৰ দুজন বন্ধু চুমু আৰু বনিক লৈ আগবাঢ়িছে। ১৫ বছৰীয়া বুলবুলে তাইৰ লগৰীয়া সকলৰ লগত খেলি, সময় কটাই ভাল পায়। তাইৰ দেউতাকে ভৱিষ্যতে বুলবুলক এগৰাকী গায়িকা হিচাপে প্ৰতিষ্ঠা হোৱাটো বিচাৰে। কিন্তু বুলবুলৰ মাতক লৈ স্কুলৰ গানৰ শিক্ষক সন্তুষ্ট নহয়। সেই একেসময়তে বুলবুলৰ শ্ৰেণীৰ ল’ৰা এজনে বুলবুলৰ প্ৰতি কবিতা লিখিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ মাজত প্ৰেমৰ অংকুৰণ হয়। আৰু অৱশেষত বুলবুলে নিজৰ বাবে গাবলৈ আৰম্ভ কৰে।

বুলবুলৰ বন্ধু চুমুৱে নাৰীসুলভ আচৰণ কৰে। সেয়ে চুমুক লগৰ বোৰে প্ৰায়ে জোকায়। আনহাতে বনিৰো বুলবুলৰ দৰে এজন প্ৰেমিক থাকে। বুলবুল কেন ছিং তেওঁলোকৰ কৈশোৰ কালত নিজৰ বয়ঃসন্ধিৰ পৰিচয় আৰু সমাজৰ লগত ঘটা সংঘাতৰ ৰূপায়ন। বাস্তৱমুখী, আশাবাদী নিষ্পাপ প্ৰেমৰ কাহিনী।

{{uhEPCQjDXUc8dZVvJBuY}}

ছবিখনত বুলবুলৰ চৰিত্ৰত অভিনয় কৰিছে অঞ্জলি দাসে। বনীৰ চৰিত্ৰত বণিতা ঠাকুৰীয়া, চুমুৰ চৰিত্ৰত মনোৰঞ্জন দাসে অভিনয় কৰিছে। ছবিখনৰ দুটা চৰিত্ৰত পাকিজা বেগম আৰু মানৱেন্দ্ৰ দাসকো দেখা যাব।

ছবিৰ চিত্ৰনাট্য, কাহিনী আৰু নিৰ্দেশনা হৈছে ৰীমা দাসৰ। ভিলেজ ৰকষ্টাৰ্ছৰ অপাৰ সফলতাৰ পিছত ৰীমা দাসৰ পৰিচালনাত নিৰ্মিত বুলবুল কেন ছিং ছবিখনেও ইতিমধ্যে ৰাষ্ট্ৰীয় তথা বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ফেষ্টিভেলত বিভিন্ন সন্মান আঁজুৰি আনিবলৈ সক্ষম হৈছে। এইপৰ্যন্ত ছবিখন প্ৰদৰ্শিত হৈছে বাৰ্লিন, টৰণ্ট আদি দেশ-বিদেশৰ ৪০খন চলচ্চিত্ৰ মহোৎসৱত। যোৱা আগষ্টত ‘ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব মেলব’ৰ্ন’ত ছবিখনে শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ সন্মান লাভ কৰিছিল।

facebook twitter