"Bulbul Can Sing" and "A Blind Dog" selected for International festival

06:39 AM Dec 02, 2019 | G Plus News

২ ডিচেম্বৰ, গুৱাহাটী : আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ  অসমৰ  দুই ছবি নিৰ্বাচিত। মাৰ্কিন যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হোৱা বে - এৰিয়া ছাউথ ফিল্ম ফেষ্টিভেললৈ নিৰ্বাচিত হৈছে ৰিমা দাসৰ ‘বুলবুল কেন ছিং’ আৰুৰিয়ান হাজৰিকা আৰু এক্সেল হাজৰিকা থ্ৰী ডি এনিমেশ্যন ছবি  ‘এ ব্লাইণ্ড ডগ’। 

ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বিভিন্ন ছবি মহোৎসৱত বঁটা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ছবিকেইখনে।  অস্কাৰৰ বাবে মনোনীত ৰিমা দাসৰ বুলবুল কেন ছিং ছবিখনে মুক্তি লাভ কৰাৰ পূৰ্বেই দৰ্শকৰ মনত খলকনি তুলিবলৈ  সক্ষম হৈছিল।আনহাতে হাজৰিকা ভাতৃদ্বয়ে নিৰ্মাণ কৰা থ্ৰী ডি এনিমেশ্যন ছবিখনে দেশ-বিদেশৰ ২৫ খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয়  চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। 

অহা ৭ ডিচেম্বৰত বে  কেলিফ’ৰ্নিয়াৰ ছান জ’ছৰ মেক্সিকান  হেৰিটেজ প্লাজাত প্ৰদৰ্শন কৰা হ’ব ছবিখন।