Boragaon dumping site will shift to Sonapur 

07:45 AM Sep 10, 2019 | G Plus News

১০ ছেপ্তেম্বৰ, গুৱাহাটী : ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰত বিৰোধিতা চন্দ্ৰপুৰবাসী ৰাইজৰ। দীপৰ বিলৰ সমীপত থকা ডাম্পিং গ্ৰাউণ্ডটো চন্দ্ৰপুৰলৈ স্থানান্তৰ কৰাবলৈ লোৱা সিদ্ধান্তত অঞ্চলটোত একপ্ৰকাৰৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চন্দ্ৰপুৰবাসী ৰাইজে পৌৰ নিগমৰ লগতে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি অঞ্চলটোত কেনেধৰণৰ ডাম্পিং গ্ৰাউণ্ড বহুৱাবলৈ নিদিয়াৰ হুংকাৰ দিয়ে।  


উল্লেখযোগ্য যে  ডাম্পিং গ্ৰাউণ্ডে দীপৰ বিলৰ পানী প্ৰদৃষিত কৰি পেলাইছে। এই ডাম্পিং গ্ৰাউণ্ডৰ পৰা লেতেৰা খাদ্য খোৱাৰ ফলত বিভিন্ন সময়ত পক্ষীৰ মৃত্যুও হৈছে। বৰাগাৱঁৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰিত কৰিবৰ বাবে ইতিমধ্যে সেইজ ন্যায়াধিকৰণেও নিৰ্দেশ দিছে। 

{{4CSF_UaoTFkjY5BY3FzZ}}


পূৰ্বেও চন্দ্ৰপুৰৰ বোন্দা অঞ্চলত ডাম্পিং গ্ৰাউণ্ডৰ বাবে জিলা উপায়ুক্তই ১২০ বিঘা মাটি দিছিল যদিও স্থানীয় ৰাইজে বাধা আৰোপ কৰিছিল। সেই ঠাইত ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰাত বাধা প্ৰদান কৰিছিল।