Bhutan missing wives demands their husbands 

09:20 AM Nov 22, 2019 | G Plus News

২২ নৱেম্বৰ, গুৱাহাটীঃ" তেওঁলোক জীয়াই আছেনে ? আমাক স্বামীসকলৰ সন্ধান লাগে।" ২০০৩ চনত ভাৰত আৰু ভুটানৰ যুটীয়া সহযোগত  অল ক্লিয়াৰ অপাৰেশ্যনত নিৰুদ্দিষ্ট হৈ থকা আলফা নেতাসকলৰ সন্ধান বিচাৰি দাবী নিৰুদ্দিষ্ট পত্নীৰ বিগত ১৭ বছৰ ধৰি কোনো শুং-সূত্ৰ পোৱা নাই । নিৰুদ্দিষ্ট আলফা নেতাসকলৰ পৰিয়ালবৰ্গই বহুবাৰ এই বিষয়ত দলক অৱগত কৰে যদিও এতিয়ালৈ দলৰ লগতে ভুটান চৰকাৰ অথবা ভাৰত চৰকাৰে নিৰুদ্দিষ্টসকলৰ সন্দৰ্ভত কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই। সাংগঠনিক সম্পাদক অশান্ত বাঘ ফুকন ( কেন্দ্ৰীয় কমিটি),মেজৰ ৰবীন নেওঁগ, মেজৰ বেনিং ৰাভা, লেফটেনেন্ট নীলু চক্ৰৱৰ্তী,দ্বিতীয় লেফটেনেণ্ট প্ৰকাশ গগৈ, দ্বিতীয় লেফটেনেণ্ট নৱ চাংমাই, দ্বিতীয় লেফটেনেণ্ট গোবিন্দ বৈশ্যসহ মুঠ ২৬ জনকৈ আলফা সদস্য নিৰুদ্দিষ্ট হৈ আছে।  

  

যোৱা ১৯ তাৰিখে  নিৰুদ্দিষ্ট ৮ আলফা পত্নীয়ে আলোচনাপন্থী গোটৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু সভাপতি অৰবিন্দ ৰাজখোৱাৰ লগত আলোচনাত মিলিত হৈ এই সন্দৰ্ভত এখন লিখিত দৰ্খাস্তও প্ৰেৰণ কৰে। "নিৰুদ্দিষ্ট আলফা নেতা তথা সাংগঠনিক সম্পাদক
 অশান্ত বাঘ ফুকনৰ পত্নী হেমা হাঞ্চেপীয়ে আলোচনাপন্থী গোটৰ বিৰুদ্ধে ক্ষোভ উজাৰি জিপ্লাছক কয় - "আলোচনা ক্ৰমে শেষ পৰ্যায় পালেহি, কিন্তু এতিয়ালৈ তেওঁলোকৰ কোনো সন্ধান পোৱা নাই। তেওঁলোক আমাৰ স্বামী হোৱা পূৰ্বে দলৰ একোজনকৈ সদস্য, তেওঁলোকৰ সন্ধান বিচৰাৰ সন্দৰ্ভত দলৰহে দায়িত্ববোধ থাকিব লাগিছিল।  যোৱা ২০০৭ চনৰ ২১ মাৰ্চত আমি নিৰুদ্দিষ্ট পত্নীসকলে আমৰণ অনশনৰ কাৰ্যসূচীও গ্ৰহণ কৰিছিলো। কিন্তু পূৰ্বৰ দৰেই ভাৰত চৰকাৰে কোনোধৰণৰ তথ্য প্ৰকাশ কৰা নাই বুলি আমাক অৱগত কৰিছিল।" 

আনহাতে লিখিত দাবীসমূহৰ প্ৰত্যুতৰত  আলোচনা পন্থী গোটে নিৰুদ্দিষ্ট পত্নীসকলক অচিৰেই ভুটান এম্বেচীৰ লগত কথা পাতি তথ্য যাৱতীয় তথ্য আৰু প্ৰমান অনুযায়ী নিৰুদ্দিষ্টসকলৰ পৰিয়ালবৰ্গক মাতি এই সন্দৰ্ভত এটা সিদ্ধান্তত উপনীত হ'ব বুলি আশ্বাস দিয়ে।  ইফালে  এই  সিদ্ধান্তত  অসন্তুষ্ট হৈ কবিতা চক্ৰৱৰ্তীয়ে জনায় - "আমি নিৰুদ্দিষ্টসকলক লৈ আপোচ কৰিব নোৱাৰো। আলফা আৰু চৰকাৰৰ আলোচনাৰ জৰিয়তে আমাৰ স্বামীসকলৰ সন্ধান  সম্পূৰ্ণ তথ্য়সহ চৰকাৰৰ স্বাক্ষৰ সম্বলিত হব লাগিব আৰু আলোচনাৰ প্ৰক্ৰিয়াৰ ভিতৰতেই  এই চূড়ান্ত সিদ্ধান্ত ৰাজহুৱাকৈ ঘোষণা কৰিব লাগিব, অন্যথা আমি আলোচনাৰ পাছত  এই সিদ্ধান্তক কোনোপধ্যেই গ্ৰহণ নকৰো। "   

লগতে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক উদ্দ্যেশি কবিতা চক্ৰৱৰ্তীয়ে কয় - "নিৰুদ্দিষ্ট পৰিয়ালসকলৰ লগত তেওঁ এতিয়াও যোগাযোগ কৰা নাই। নিৰুদ্দিষ্টসকল তেওঁৰো সতীৰ্থ , তেওঁ আজিলৈ এই সন্দৰ্ভত নিমাত কিয়!"


উল্লেখ্য যে ২০০৭ চনত বৰপেটা জিলাৰ ভাৰত-ভুটান সীমান্তৰ পাটাছাৰকুছিৰ শিমলা নামৰ 
অঞ্চলত  এটা পৰিত্যক্ত সেনাৰ শিবিৰৰ সমীপত উদ্ধাৰ হোৱা নৰকংকালৰ বাতৰি প্ৰকাশৰ পাছতেই নিৰুদ্দিষ্ট পত্নীসকলে পাটাছাৰকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু সেই ঘটনাৰ পাছতে অঞ্চলটো নিষিদ্ধ কৰি দিয়া হৈছিল।

ইতিমধ্যে  আলফা-চৰকাৰৰ মাজত চলি থকা শান্তি আলোচনা শেষ পর্যায়ত উপনীত হৈছেহি ৷ চলিত বৰ্ষৰ শেষৰফালে এই আলোচনা প্ৰক্ৰিয়া দ্ৰুত গতিত আগবাঢ়িছে  বুলি জনায় আলোচনাপন্থীৰ সভাপতি অৰবিন্দ ৰাজখোৱাই। ৰাজখোৱাই জিপ্লাছক কয়- "ইতিমধ্যে  আলফা-চৰকাৰৰ মাজত চলি থকা শান্তি আলোচনা শেষ পর্যায়ত উপনীত হৈছেহি ৷ যদিও এই আলোচনা প্ৰক্ৰিয়া ইমান বছৰে লেহেমীয়া গতিৰে গতি কৰিছিল চলিত বৰ্ষৰ শেষৰফালে এই আলোচনা প্ৰক্ৰিয়া দ্ৰুত গতিত আগবাঢ়িছে। উক্ত আলোচনা প্ৰক্ৰিয়াটোত ভুটানৰ নিৰুদ্দিষ্ট সকলৰ স্থিতি পূৰ্বৰদৰেই আছে। শেহতীয়াকৈ আমি ভুটান এম্বেচীৰ লগতো আমি যোগাযোগ কৰিছো। তেওঁলোকে এই সম্পৰ্কে যি তথ্য প্ৰদান কৰিব সেইসমূহৰ পৰা আমি চূড়ান্ত সিদ্ধান্তত উপনীত হব পাৰিম বুলি আশা প্ৰকাশ কৰিছো। আমি নিৰুদ্দিষ্টসকলৰ পৰিয়ালবৰ্গৰ লগতে শহতীয়াকৈ মত বিনিময় কৰি গোটেই বিষয়টো পুংখানুপুংখভাৱে আলোচনা কৰিছো।" 


আনহাতে আলোচনা প্ৰক্ৰিয়া সোনকালে শেষ কৰিবলৈ আলোচনাপন্থীয়ে গোটে নিৰুদ্দিষ্ট কেডাৰসকলৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ উদ্যত হৈছে বুলিও অভিযোগ উত্থাপন কৰে নিৰুদ্দিষ্টসকলৰ পৰিয়ালবৰ্গই।